‘হু’লৈ আগবঢ়োৱা পুঁজি স্থায়ীভাৱে বন্ধৰ ভাবুকি মার্কিন ৰাষ্ট্রপতিৰ
নিয়মীয়া বাৰ্তা, ২০ মেঃ বিশ্ব স্বাস্থ্য সংস্থা(হু)ক আগবঢ়াই অহা পুঁজি স্থায়ীভাৱে বন্ধ কৰাৰ ভাবুকি দিছে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ক’ৰোনা ভাইৰাছ বিয়পোৱাৰ ক্ষেত্রত চীনৰ গোপন অনুসন্ধিক সমর্থন জনাই পক্ষপাতমূলক আচৰণ কৰা বিশ্ব স্বাস্থ্য সংস্থাক ইতিপূর্বে কেইবাবাৰো কঠোৰভাৱে সমালোচনা কৰা মার্কিন ৰাষ্ট্রপতি ট্রাম্পে এপ্রিলৰ মাজভাগত হুক পুঁজি আগ নবঢ়ায় বুলি ঘোষণা কৰাৰ পিছত যোৱানিশা পুনৰবাৰ সকীয়নি দি স্থায়ীভাৱে পুঁজি আগবঢ়োৱাটো বন্ধ কৰিব বুলি কয়৷
পৰৱর্তী ৩০ দিনৰ ভিতৰত ক’ভিড–১৯ক লৈ যদি বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ বিৰুদ্ধে যথোচিত পদক্ষেপ গ্রহণ নকৰে, তেতিয়াহ’লে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে হুলৈ আগবঢ়োৱা পুঁজি বন্ধ কৰি দিব৷ যোৱানিশা বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ আধানম গেব্রেয়েছাছক পত্র প্রেৰণ কৰি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে এই সকীয়নি দিয়ে৷ পত্রখনত ট্রাম্পে হুৱে মহামাৰী ৰোধৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপৰ আসোঁৱাহৰ এখন হ্রস্ব তালিকাও সন্নিৱিষ্ট কৰে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে পত্রখনত অভিযোগ কৰা মতে, চীনৰ সৈতে হুৰ মুৰব্বীগৰাকীৰ নিকট সম্পর্ক থকাৰ বাবেই ভাইৰাছটোৰ সংক্রমণৰ প্রাৰম্ভিক পর্যায়তে অৱহেলা কৰিছিল৷
পৰিণতিত চীনত প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছে বিশ্বত সংহাৰী ৰূপ লৈছে৷ হুৰ মুৰব্বী আৰু তেওঁৰ সংগঠনটোৱে মহামাৰী প্রতিৰোধৰ ক্ষেত্রত বাৰম্বাৰ ভুল পদক্ষেপ গ্রহণ কৰাৰ বাবেই বিশ্ববাসীয়ে এতিয়া বৃহৎ মূল্য আদায় দিবলগীয়া হৈছে৷