মহামাৰীৰ পিছত খেল পুনৰ আৰম্ভ কৰিবলৈ সাজু বিশ্ব বেডমিণ্টন ফেডাৰেচন
নিয়মীয়া বাৰ্তা, ২৩ মেঃ দীর্ঘ প্রতীক্ষাৰ অন্তত অৱশেষত ক্রীড়াপ্রেমীৰ বাবে এক সু–সংবাদ কঢ়িয়াই আনিছে বিশ্ব বেডমিণ্টন ফেডাৰেচনে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা তিনি মাহ ধৰি ক্রীড়াৰ সৈতে জড়িত সকলো কার্যকলাপ স্তব্ধ হৈ থকাৰ পিছত ফেডাৰেচনে অহা ১১ আগষ্টৰ পৰা আন্তঃৰাষ্ট্রীয় বেডমিণ্টন পুনৰ আৰম্ভ কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে৷
ফেডাৰেচনে প্রকাশ কৰা আন্তঃৰাষ্ট্রীয় বেডমিণ্টনৰ নতুন সূচী অনুসৰি অহা ১১ আগষ্টত সম্পূর্ণ পাঁচ মাহৰ পিছত প্রথমখন আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাখন হ’ল হায়দৰাবাদ অ’পেন৷ বি ডব্লিউ এফ ট্যুৰ ছুপাৰ ১০০ প্রতিযোগিতাখনত অৱশ্যে বিদেশী খেলুৱৈৰ অংশগ্রহণ নিশ্চিত নহয়৷ ইয়াৰ পিছতে অনুষ্ঠিত হ’বলগীয়া পৰৱর্তী প্রতিযোগিতাখন হ’ব চীন মাষ্টার্ছ ছুপাৰ ১০০ টুর্নামেণ্ট৷ ২৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ এই প্রতিযোগিতাখন চীনৰ লিংছুই চহৰত খেলোৱা হ’ব৷
উল্লেখ্য যে যোৱা ১৫ মার্চত সামৰণি পৰা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ হ’ল ক’ৰোনাৰ পূর্বে আয়োজিত অন্তিমখন আন্তঃৰাষ্ট্রীয় বেডমিণ্টন প্রতিযোগিতা৷ ইফালে, মহামাৰী ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপৰ পৰিপ্রেক্ষিতত মার্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ছুপাৰ ৫০০ প্রতিযোগিতাখন অহা ৮–১৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ আন্তঃৰাষ্ট্রীয় বেডমিণ্টন ফেডাৰেচনে আজি ঘোষণা কৰা সূচী অনুসৰি লক্ষ্ণৌত অহা ১৭–২২ নৱেম্বৰত খেলোৱা হ’ব চৈয়দ মোদী ইণ্ডিয়া ইণ্টাৰনেচনেল ছুপাৰ ৩০০ প্রতিযোগিতা৷
আনহাতে জার্মান অ’পেন, ছুইছ অ’পেন, ইউৰোপীয়ান চেম্পিয়নশ্বিপ আৰু অষ্ট্রেলিয়ান অ’পেনৰ দিন এতিয়াও ধার্য কৰা হোৱা নাই৷ একেদৰে বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপকে ধৰি ১০খন প্রতিযোগিতা বাতিল কৰা হৈছে৷ বিশ্ব বেডমিণ্টন ফেডাৰেচনে আজি কয় যে সদস্য ৰাষ্ট্রসমূহৰ সৈতে পৰামর্শ গ্রহণ কৰি এক দীর্ঘকালীন পৰিকল্পনা যুগুত কৰা হৈছে৷ এই পৰিকল্পনাৰ অংশস্বৰূপে সম্প্রতি নতুন সূচী ঘোষণা কৰা হৈছে যদিও বিশ্বৰ অনাগত পৰিস্থিতিৰ ওপৰত এই সূচী নির্ভৰ কৰিব৷