সুখবৰঃ ‘আর্ছেনিক এলবাম ৩০’ য়ে প্রতিৰোধ কৰিব ক’ভিড–১৯
নিয়মীয়া বাৰ্তা, ২৩ মেঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড–১৯ক প্রতিহত কৰিব হোমিঅ’পেথি চিকিৎসাই৷ ক’ভিড–১৯ প্রতিহত কৰিব পৰাকৈ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্রত সহায়ক হোৱাকৈ ঔষধ প্রস্তুত কৰি ‘আয়ুস’ৰ ৰাজ্যিক সঞ্চালকে ইতিমধ্যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবলৈ এক প্রস্তাৱ প্রেৰণ কৰিছে৷
সমান্তৰালভাৱে হোমিঅ’পেথিক মেডিকেল এছ’চিয়েচন অৱ ইণ্ডিয়াৰ অসম শাখায়ো স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈও অনুৰূপ পত্র প্রেৰণ কৰিছে৷ এই সন্দর্ভত হোমিঅ’পেথিক মেডিকেল এছ’চিয়েচন অৱ ইণ্ডিয়াৰ অসম শাখাৰ সভাপতি তথা গুৱাহাটীৰ শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ মনোজ কুমাৰ ডেকা আৰু সাধাৰণ সম্পাদক ডাঃ গুণীন শর্মাই জানিবলৈ দিয়া মতে, কেন্দ্রীয় চৰকাৰৰ আয়ুস মন্ত্রালয়ে ৰোগ প্রতিৰোধ বৃদ্ধিৰ ক্ষেত্রত হোমি’পেথিক ঔষধ ‘আর্ছেনিক এলবাম ৩০’ৰ ইতিবাচক প্রভাৱ সন্দর্ভত স্বীকৃতি প্রদান কৰিছে৷ ‘আর্ছেনিক এলবাম ৩০’ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্রতিষেধক নহয় যদিও ৰোগ প্রতিৰোধ ক্ষমতাবর্ধক হিচাপে ব্যৱহাৰ কৰি যথেষ্ট সুফল লাভ কৰিব পাৰি৷
ইতিমধ্যে একাংশ প্রতিষ্ঠানে চৰকাৰী হোমি’পেথিক মহাবিদ্যালয়সমূহৰ্ পৰা ‘আর্ছেনিক এলবাম ৩০’ সংগ্রহ কৰাৰ বিপৰীতে গুৱাহাটীৰ শ্বহীদ যাদৱ নাথ হোমি’পেথিক মহাবিদ্যালয়ৰ তৰফৰ পৰা গুৱাহাটী শোধনাগাৰৰ কর্মচাৰীসকলৰ মাজত পাঁচশ বটল বিতৰণ কৰা হয়৷ ইপিনে, ৰাজস্থান, মণিপুৰ, কেৰালা, গুজৰাটকে ধৰি ভাৰতীয় ৰে’লৱেৰ ক্ষেত্রখনত ‘আর্ছেনিক এলবাম ৩০’য়ে ব্যাপক প্রসাৰ লাভ কৰাৰ পৰিপ্রেক্ষিতত হোমিঅ’পেথিক মেডিকেল এছ’চিয়েচন অৱ ইণ্ডিয়াৰ অসম শাখাই শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হোৱাকৈ ‘আর্ছেনিক এলবাম ৩০’ ব্যৱহাৰৰ ক্ষেত্রত এক ইতিবাচক পদক্ষেপ গ্রহণ কৰিবলৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে৷