নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ বজাৰত ব্যাপক জনসমাগম

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ইছলাম ধর্মাৱলম্বী লোকসকলৰ ঈদ সমাগত৷ বিগত বর্ষসমূহৰ দৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু লকডাউনৰ বাবে ঈদক লৈ উলহ–মালহ পৰিলক্ষিত হোৱা নাই ইছলাম ধর্মাৱলম্বী লোকসকলৰ মাজত৷ দিনক দিনে মাৰাত্মক ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাত সজাগ আৰু সচেতন ইছলাম ধর্মাৱলম্বী লোকসকলৰ একাংশই এইবেলি ঘৰতে সীমিতভাৱেই ঈদ উদ্যাপন কৰিবলৈ আহ্বান জনাইছে৷ কিন্তু ইয়াৰ মাজতে একাংশ অবিবেচক আৰু অসচেতন লোকে ঈদৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ বিভিন্ন প্রান্তত বিভিন্ন সামগ্রী ক্রয় কৰিবলৈ একাংশ ইছলাম ধর্মাৱলম্বী লোকে ভিৰ কৰাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত পিছপৰি থকা নাই ৰাজধানী চহৰ গুৱাহাটীও৷ মহানগৰীৰ একাংশ বজাৰত ঈদৰ প্রাক্ক্ষণত বিভিন্ন সা–সামগ্রী ক্রয় কৰাৰ বাবে একাংশ লোকে ভিৰ কৰা দেখা গৈছে৷ কাপোৰ–কানি, খাদ্য–সামগ্রী, ফল–মূূল আদি ক্রয় কৰিবলৈ বজাৰত ভিৰ কৰিছে এইসকল লোকে৷ বিশেষকৈ গণেশগুৰি, হাতীগাঁও, ফাঁচীবজাৰ, মালিগাঁও আদি অঞ্চলত দিনৰ ভাগত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে, যাৰ বাবে শংকিত হৈ পৰিছে মহানগৰীৰ সচেতন লোকসকল৷ উল্লেখ্য যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমূহীয়া নামাজৰ লগতে ঈদৰ বজাৰ–সমাৰ কৰাৰ পৰা বিৰত থাকিবলৈ বিভিন্ন দল–সংগঠনে আহ্বান জনাই আহিছে৷

সমান্তৰালভাৱে প্রশাসনেও বজাৰ তথা ধর্মীয় অনুষ্ঠানত ঈদ উপলক্ষে জনসমাগম নকৰাৰ বাবে আহ্বান জনাইছে৷ তৎসত্ত্বেও শেহতীয়াকৈ ডবকা, হোজাই, গোৱালপাৰা আদি বিভিন্ন স্থানত ঈদৰ বজাৰৰ বাবে অসংখ্য ব্যক্তিয়ে ভিৰ কৰা দেখা গৈছে, যাক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ ইয়াৰ মাজতে মহানগৰীখনত ঈদৰ বজাৰৰ ভিৰে ৰাজ্যলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ কিয়নো দিনক দিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা৷ মহানগৰীখনত সর্বাধিক ক’ৰোনা আক্রান্ত ৰোগী ধৰা পৰিছে৷ তদুপৰি ইতিমধ্যে ধৰা পৰা মহানগৰীৰ কেইবাগৰাকীও ৰোগীৰ ক্ষেত্রত কোনোধৰণৰ ভ্রমণ বৃত্তান্ত অথবা সংস্পর্শলৈ অহা লোকৰ তথ্য উদ্ধাৰ কৰিব পৰা নাই স্বাস্থ্য বিভাগে, যাৰ বাবে এই ৰোগীসকলক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছিল স্বাস্থ্য বিভাগে৷

আনকি ক’ৰোনা আক্রান্ত ৰোগীক বাহক হিচাপে মহানগৰীত ঘূৰি ফুৰা বুলিও স্বাস্থ্য বিভাগে আশংকা প্রকাশ কৰিছে৷ লকডাউন শিথিল কৰিলেও অত্যাৱশ্যকীয় কাম নহ’লে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ বাৰম্বাৰ প্রশাসনে আহ্বান জনাই আহিছে৷ ঈদৰ বজাৰত একাংশ লোকে ভিৰ কৰা কার্যই স্বাভাৱিকতেই পুনৰ আতংকৰ সৃষ্টি কৰিছে৷ কেৱল সেয়াই নহয়, ফাঁচীবজাৰত কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলৰ কাষতেই বিভিন্ন সামগ্রী বিচাৰি একাংশ লোকে ভিৰ কৰিছে৷

You might also like