ৰিলায়েঞ্চ জিঅ’ত ১১,৩৬৭ কোটি বিনিয়োগ কে কে আৰৰ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজ লিমিটেডৰ জি’ প্লেটফর্মত ১১,৩৬৭ কোটি টকা বিনিয়োগ কৰিব কে কে আৰে৷ এছিয়াত কে কে আৰৰ এইটোৱেই হ’ব বৃহত্তম বিনিয়োগ৷ জিঅ’ৰ ২.৩২ শতাংশ ইকুইটি এই বিনিয়োগৰ জৰিয়তে অংশীদাৰিত্ব লাভ কৰিব কে কে আৰে৷
মন কৰিবলগীয়া যে দেশৰ লগতে এছিয়াৰ বৃহত্তম টেলিকম কোম্পানী জি’ৰ কে কে আৰৰ পূর্বে বিশ্বখ্যাত প্রযুক্তি বিনয়োগকাৰী ফেচবুকৰ লগতে ছিলভাৰ লেক, ভিষ্টা আৰু জেনেৰেল আটলাণ্টিকে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল৷ উল্লেখ্য যে ১৯৭৬ চনত প্রতিষ্ঠা হোৱা কে কে আৰ হৈছে আন্তর্জাতিক এক প্রতিষ্ঠান, যিয়ে প্রযুক্তি খণ্ডত বিনিয়োগেৰে লাভৱান হৈ আহিছে৷ এই কে কে আৰে প্রযুক্তি মিডিয়া আৰু টেলিকম খণ্ডৰ ২০ কোম্পানীত বিনিয়োগ কৰিছে৷