দিহিং- পাটকাইত মুক্ত খনৰ বিৰোধিতা ঘিলামৰাত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা ২৩মেঃ অসমৰ অন্যতম বৰ্ষাৰণ্য খ্যাত দিহিং পাটকাইত কেন্দ্ৰীয় চৰকাৰে কয়লা মুক্তখননৰ অনুমতি দিয়াত অসমতে বিভিন্ন জাতীয় সংগঠন সমূহে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই অবিবেচিত সিদ্ধান্তৰ বিৰুদ্ধে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আজি ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাই মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । আজি দিনৰ ভাগত সামাজিক দূৰত্ব বজাই ৰাখি ঘিলামৰা সদৰ তিনিআলিত ভালে সংখ্যক সদস্যই দিহিং-পাটকাই অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।