নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকৰ মাজতে এটা ভাল খবৰঃ পর্যটকৰ বাবে দহ মাহ খোলা থাকিব কাজিৰঙা

নিয়মীয়া বাৰ্তা, ২৩ মে’: ক’ৰোনাৰ কৰুণ খবৰৰ মাজতে এটা ভাল খবৰ কাজিৰঙা পর্যটনলৈ৷ এতিয়াৰ পৰা দহ মাহৰ বাবে খোলা থাকিব কাজিৰঙাত পর্যটকৰ প্রৱেশ৷ বিশ্বৰ সর্বাধিক এটা খড়গ থকা গঁড়ৰ বসতি স্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মূল ভূখণ্ডৰ সৈতে সংযোজিত হোৱা ৩১৩ হেক্টৰ নতুন ভূমিক লৈ কৰা হ’ব এই পর্যটন৷

উদ্যানৰ কাষৰীয়া ৰাইজক লৈ কৰিবলগীয়া এই পর্যটন প্রতিবছৰে ছেপ্ঢেম্বৰ মাহত আৰম্ভ হৈ জুন মাহলৈকে চলিব৷ বৃহস্পতবাৰে উক্ত স্থানত ভূমি পূজন কৰি এই পর্যটনৰ প্রস্তুতিৰ শুভাৰম্ভ কৰে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে চাৰি বছৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নির্দেশমর্মে চৰকাৰে একাংশ লোকে বেদখল কৰি থকা কলিয়াবৰ ৰাজহ চক্রৰ অধীনৰ বান্দৰডুবিত ২৯৭ হেক্টৰ আৰু দেওচুৰত ১৬ হেক্টৰ ভূমি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ স্বার্থত উচ্ছেদ কৰিছিল৷ বেদখলকাৰীৰ কব্জাৰ পৰা চৰকাৰী মাটি উচ্ছেদ কৰিবলৈ যাওঁতে আৰক্ষীৰ গুলীত দুজন লোকৰ মৃত্যুও হৈছিল৷ কিন্তু উচ্ছেদ কৰাৰ চাৰি বছৰ অতিবাহিত হোৱাৰ পিছতো ৰাজহ বিভাগে উচ্ছেদিত ভূমি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষক হস্তান্তৰ কৰাৰ পৰা বিৰত আছিল৷

অৱশ্যে এই ভূমিভাগ মুকলি কৰাৰ লগতে জি পি এছৰ দ্বাৰা সীমা চিহ্ণিত কৰি বনকর্মীয়ে পেড্র’লিং কৰিব পৰাকৈ নতুন পথ তথা পকী খুুঁটা স্থাপন কৰি সীমা নির্ধাৰণ কৰে৷ ইয়াৰ পিছতেই কলিয়াবৰৰ মহকুমাধিপতি কার্যালয়ত ৰাজ্যখনৰ তদানীন্তন প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, সঞ্চালক পি শিৱকুমাৰ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ উপস্থিতিত ৰাষ্ট্রীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈক কলিয়াবৰ ৰাজহ চক্র বিষয়াই বান্দৰডুবি আৰু দেওচুৰৰ ভূমিৰ নথি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে৷

সঞ্চালক শিৱকুমাৰে লগতে জানিবলৈ দিয়া মতে, ইতিমধ্যে উচ্ছেদিত উক্ত এলেকাত কেইবাটাও গঁড, হাতী, পহু, ম’হৰ জাক আদি বন্যপ্রাণীয়ে মুক্তভাৱে বিচৰণ কৰিব লৈছে৷ আনহাতে, পর্যটকৰ বাবে এই ভূমিভাগ মুকলি কৰিবৰ বাবেই কালি নৱনিযুক্ত ৰাজ্যৰ প্রধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) টি বি ৰেড্ডী, সঞ্চালক পি শিৱকুমাৰ, বন প্রাধিকাৰী ৰমেশ গগৈ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, বন বিষয়াসকলৰ উপস্থিতিত ভূমি পূজন আৰু নাৰিকল ভাঙি ঠাইডোখৰ বন বিভাগে পর্যটনৰ কামৰ প্রস্তুতি আৰম্ভ কৰে৷

You might also like