ইছলামাবাদঃ UNESCOৰ ৪০সংখ্য়ক সাধাৰণ সন্মিলনত পাকিস্তানৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা ভাৰতীয় প্ৰতিনিধিৰ। ৩৭০ অনুচ্ছেদৰ বিলুপ্তি, অযোধ্যাৰ ভূমি-বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা ঐতিহাসিক ৰায়দানৰ ঘটনাক লৈ পাকিস্তানে শিশুসুলভ অপপ্ৰচাৰ চলাই থকা বুলিও মন্তব্য ভাৰতীয় প্ৰতিনিধিগৰাকীৰ। উল্লেখনীয় যে ভাৰতীয় আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ পাকিস্তানে সদায় মিছাৰ আশ্ৰয় লৈ আহিছে বুলি কঠোৰ সমালোচনা কৰে ভাৰতে। সকলো ধৰ্মৰ প্ৰতি সন্মান ৰাখিয়েই অযোধ্যা সন্দৰ্ভত ৰায়দান দিছিল কিন্তু পাকিস্তানে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ক্ষেত্ৰত পেৰিছত অনুষ্ঠিত সন্মিলনত সমালোচনা ভাৰতীয় বিষয়াগৰাকীৰ।
Prev Post
Next Post