ৰহাত লকডাউনৰ মাজতে ছবিৰে সজাগতাৰ চেষ্টা বিশিষ্ট চিত্ৰশিল্পী শান্তি ৰাজখোৱাৰ
পত্নীয়ো ব্যস্ত জলকীয়া বাগিছাত।
নিয়মীয়া বাৰ্তা ২৫ মেঃ বিশ্বব্যাপী মহামাৰী কৰোনা ভাইৰাছৰ তীব্ৰ সন্ত্ৰাস। ভাৰতবৰ্ষত চলিছে চতুৰ্থ পৰ্যায়ৰ লক্ ডাউন। এই লকডানৰ মাজতে বিভিন্নজন ব্যস্ত বিভিন্ন কামত।কোনোৱে যদি গাইছে গান কোনোৱে আকৌ নাটক, উপন্যাস, কবিতা লিখাত ব্যস্ত। আন কোনোৱে আকৌ ছবি অঁকাত ব্যস্ত। মুঠতে কৰোনা মহামাৰীৰ লক্ ডাউনৰ সময়ে সকলোকে নিজৰ ন ন চিন্তাৰ সকলোৱে নিজকে সৃষ্টি কৰিবলৈ যেন অফুৰন্ত সময়ৰ যোগান ধৰিলে। ইয়াৰে ব্যতিক্ৰম নহ’ল ৰহাৰ এগৰাকী প্ৰচাৰ বিমুখ চিত্ৰশিল্পী। নগাঁও জিলাৰ ৰহা ৰজাগাঁৱৰ এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ নাম শান্তি ৰাজখোৱা। মহামাৰী কৰোনা ভাইৰাছে সমগ্ৰ দেশতে সন্ত্ৰাস সৃষ্টি কৰি লকডাউন দিবলৈ বাধ্য কৰা সময়চোৱাত চিত্ৰশিল্প শান্তি ৰাজখোৱাৰ নিপুন হাতেৰে সৃষ্টি হ’ল বহুকেইখন ছবি। সুনিপুন হাতৰ পৰশত সাম্প্ৰতিক সময়ৰ বাস্তৱিক প্ৰতিচ্ছবিৰ অৱলোকনেৰে সৃষ্টি কৰা ছবি কেইখনে বৰ্তমান সময়ত বিভিন্ন অনুষ্ঠানে আয়োজন কৰা অনলাইন প্ৰদৰ্শনীত বিশেষ সমাদৃত হৈছে। সততে প্ৰচাৰ বিমুখ চিত্ৰশিল্পী গৰাকীৰ তেনে বহু ছবি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভকৰা উপৰিও কলকাতাত একাধিকবাৰ প্ৰদৰ্শিত হৈছে। অতি সৰুৰে পৰা শিক্ষক ককাদেউতাকৰ পৰা ছবি অঁকাৰ প্ৰতি অনুপ্ৰাণিত হৈ চিত্ৰকৰ্মত ব্যস্ত থকা শিল্পী শান্তি ৰাজখোৱাৰ ছবিত উদ্ভাসিত হয় জনতাৰ আৰ্তনাদ। সমসাময়িক পৰিস্থিতক ছবিৰ মাজেৰে প্ৰকাশ কৰি সমাজক একত্ৰিত কৰাৰো প্ৰয়াস চলাইছে শিল্পী গৰাকী। শিল্পী গৰাকীয়ে জানিব দিয়া মতে সৰুতে অঞ্চলৰ অসমীয়া ভাওনাৰ ৰূপসজ্জাবোৰ চাই চাই অঞ্চলৰ বিখ্যাত খনিকৰ দীনেশ কৰৰ লগত অংকীয়া ভাওনা সমূহত ভাৱৰীয়া বোৰক সজাইছিল। পাছত ১৯৮০ চনত ভাৰতীয় ষ্টেট বেংকত চাকৰি লাভ কৰি কাৰ্বিআংলঙৰ ডিফুত যোগদান কৰে। কিন্তু উদিত প্ৰতিভাৰ বিচ্যুৰিত কিৰণে জকমকাই উঠা শান্তি ৰাজখোৱা ডিফুৰ সাহিত্য অকাডেমী প্ৰাপক লিখক বসন্ত দাস ওৰফে ঋতুৰাজৰ সংগ লাভ কৰে। প্ৰথম অৱস্থাত পানী ৰঙে ছবি অঁকা ছবিবোৰ চাই বিভিন্নজন আপ্লুট হ’ল আৰু সাহিত্যিক বসন্ত দাসে তেঁৱৰ “প্লেটফৰ্ম” নামৰ গ্ৰন্থখনৰ বেটুপাত আকিবলৈ দ্বায়িত্ব দিয়ে। পাছলৈ সেই গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ৰ পৰা কেতিয়াও থমকি নৰৈ বিভিন্ন জন বিশিষ্টলোকৰ সংস্পৰ্শ লাভ ১৯৮৫ চনত নগাঁও শাখালৈ বদলৈ হৈ অহাত বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ ওচৰত তৈলচিত্ৰ অংকনৰ শিক্ষা লয়। অৱশ্যে ইয়াৰ পূৰ্বে ৰহা খাইগড়ৰৰ প্ৰচাৰ বিমুখ শিল্পী কালিপ্ৰসাদ ডেকাৰ পৰা তৈলচিত্ৰ অংকৰ আদিপাঠ গ্ৰহণ কৰিছিল আৰু পাছলৈ চিত্ৰ শিল্পৰ ধাৰাক আগুৱাই নিয়ে। শিল্পী শান্তি ৰাজখোৱাই নিজৰ কৰ্মৰ খাতিৰত ভাৰতৰ বিভিন্ন ঠাই বদলি হোৱাৰ সূত্ৰে বিভিন্ন ঠাইত চিত্ৰশিল্পৰ কৰ্মশালা আৰু প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰিছিল। কিন্তু সমাজত আৰু অধিক চিত্ৰশিল্পক সুদৃঢ় কৰা দূৰন্ত সপোন পুহি ৰাখি সুযোগৰ অপেক্ষা কৰি চিত্ৰশিল্পৰ এক নৱজাগৰণ আনিবলৈ বিগত ২০০২ চনত “”বাটৰ কেনভাচ”” নামৰ এটি চিত্ৰশিল্পৰ অনুষ্ঠান গঠন কৰে। শিল্পী শান্তি ৰাজখোৱা আছিল এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি। বৰ্তমান সময়ত সমগ্ৰ অসমতে “বাটৰ কেনভাচ” শাখা সমূহে কাম কৰি আছে। নিজকে চিত্ৰশিল্পী বুলি প্ৰচাৰ কৰিবলৈ বেয়াপোৱা শান্তি ৰাজখোৱাই প্ৰথমাৱস্থাত “প্ৰতিচ্ছবি” আঁকিছিল। কিন্তু সময় বাগৰাত বিমূৰ্ত ছবিবোৰৰ প্ৰেমত পৰি বৰ্তমান সময়তো তেনে ধাৰাৰে ছবি অঁকাৰ কাম অব্যাহত ৰাখিছে। তেঁৱৰ ” লাইফ ইছ হিউম পাইপ”, পলিটিক্স, দা ফাইট, প্ৰপ’জেল, দা ব্লাড ৰেড পয়েম, ৰিভলিউচন, স্মাইল অব ছেড, ডন, পলিউচন আদি বিখ্যাত ছবি। ইয়াৰ লগতে বহুকেইখন ছবি কলকাতাৰ এক প্ৰদৰ্শনীত বিক্ৰী হয়।
শেহতীয়াকৈ লকডাউনৰ সময়ত “লকডাইন, কুক-ভা, ৰিলেচন আদি ছবি আঁকি উলিয়াইছে শিল্পী গৰাকীয়ে। বৰ্তমান সময়লৈকে প্ৰায় পাঁচ শতাধিক চিত্ৰ অংকন কৰিও নিজে এজন চিত্ৰশিল্পী হিচাপে প্ৰচাৰ কৰিবলৈ বেয়া পোৱা শিল্পীজনে এজন সাধাৰণ শিল্প সাধনাৰ শিকাৰু বুলিহে ক’ব খোজে। নিজকে নানা ৰঙৰ লগত কথা পাতি আনন্দ লাভ কৰি ঘন্টাৰ পাছত ঘন্টা পাৰ কৰে। ইয়াৰ লগতে গুৱাহাটীৰ আৰ্ট গেলাৰীত তিনিবাৰকৈ তেঁৱৰ ছবি প্ৰদৰ্শন কৰা লগতে দীঘলী পুখুৰীৰ পাৰতো ছবি আঁকি ভ্ৰুণ হত্যাৰ প্ৰতিবাদ আৰু বিষাক্ত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। বিগত ২০১৭ চনত শাখা প্ৰৱন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰি ন ন ছবি আঁকি উপহাৰ দিবলৈ সক্ষম হৈছে।
অন্যহাতে শিল্পীগৰাকীৰ সহধৰ্মিনী তথা শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জিনু দাসে শিল্পী গৰাকীক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়াইছে। লগতে পত্নী জিনু দাসে ঘৰৰ চৌহদৰ লগতে চাঁদৰ ওপৰত লক্ ডাউনৰ সময়ত তৈয়াৰ কৰিছে এখন বিভিন্ন প্ৰজাতিৰ জলকীয়া বাগিছা। ভোট জলকীয়া, গাৰো ফিৰিঙি, বালিজোৰি, সূৰ্যমূখী, তুলসী, কণ জলকীয়া, ছিকিমৰ বিখ্যাত ডলে আদি প্ৰায় পোন্ধৰটা জাতৰ জলকীয়া বাগিছা বনাইছে।লগতে আছে বিভিন্ন শাক-পাছলি। তদুপৰি শিল্পী দম্পতীয়ে ঘৰৰ চৌহদত ঔষধি গছৰ লগতে বিভিন্ন প্ৰজাতিৰ ফুল, বহু সংখ্যক অৰ্কিড, ফল-মূলৰ গছ-গছনিৰে সজাই তুলিছে চৌহদ। উল্লেখ্য যে, শিল্পী দম্পতীৰ কন্যাই এম ফাৰ্ম সম্পূৰ্ণ কৰা লগতে একমাত্ৰ পুত্ৰয়ো ডেৰাডুনত এম ফাইন অধ্যয়ন কৰি আছে। একাৰ্থত প্ৰচাৰ বিমুখ শিল্পী দম্পতীৰ এনে কৰ্মই সকলোকে উৎসাহিত কৰিছে।