কিংবদন্তি হকী খেলুৱৈ বলবীৰ সিঙৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ২৬ মেঃ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভাৰতৰ কিংবদন্তি হকী খেলুৱৈ বলবীৰ সিং ছিনিয়ৰে৷ যোৱা ৮ মে’ৰ পৰা ম’হালিৰ ফ’র্টিছ হাস্পতালত চিকিৎসাধীন হৈ থকা কিংবদন্তি হকী খেলুৱৈগৰাকীৰ দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত বলবীৰ সিং ছিনিয়ৰৰ বয়স আছিল ৯৫ বছৰ৷ শাৰীৰিক অসুস্থতাৰ বাবে প্রাক্তন অলিম্পিয়ানগৰাকীক ৮ মে’ত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও চিকিৎসা চলি থকাৰ সময়তে কিংবদন্তি খেলুৱৈগৰাকীয়ে তিনিবাৰকৈ হূদৰোগত আক্রান্ত হয়৷ ক্রমান্বয়ে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল যদিও অৱশেষত আজি প্রাক্তন হকী খেলুৱৈগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত ৯৫ বছৰীয়া বলবীৰ সিং ছিনিয়ৰে তিনিজন পুত্র আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি যায়৷
কিংবদন্তি হকী খেলুৱৈগৰাকীৰ মৃত্যুৰ লগে লগে ভাৰতীয় ক্রীড়া ক্ষেত্রত শোকৰ ছাঁ পৰে৷ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, খেলমন্ত্রী কিৰেণ ৰিজিজুকে ধৰি বহুকেইগৰাকী নেতাই শোক প্রকাশ কৰে৷ ইফালে, হকী ইণ্ডিয়ায়ো প্রাক্তন খেলুৱৈগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰে আৰু ভাৰতীয় হকী ক্ষেত্রখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি ব্যক্ত কৰে৷ আনহাতে, এছিয়ান হকী ফেডাৰেচনেও পদ্মশ্রী তথা অলিম্পিকত তিনিটাকৈ স্বর্ণপদক জয়ী খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ ইফালে, ভাৰতৰ কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ লগতে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, কে এল ৰাহুল, প্রাক্তন ক্রিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰৰ লগতে ভি ভি এছ লক্ষ্মণ, টেবুল টেনিছ খেলুৱৈ মণিকা বাট্রায়ো গভীৰ শোক প্রকাশ কৰে আৰু তেওঁৰ মৃত্যু ভাৰতীয় হকীৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ উল্লেখ্য যে বলবীৰ সিং ছিনিয়ৰ স্বৰাজোত্তৰ ভাৰতৰ মহানতম খেলুৱৈ হিচাপে জনাজাত আছিল৷ তেওঁ ক্রমাগত তিনিবাৰ অলিম্পিকৰ হকীত স্বর্ণ জয় কৰা ভাৰতীয় দলটোৰ সদস্য আছিল৷ ১৯৫৬ চনৰ মেলবর্ন অলিম্পিকত তেওঁৰ নেতৃত্বতে ভাৰতীয় দলটোৱে স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছিল আৰু উক্ত অলিম্পিকখনত ভাৰতীয় দলটোৱে মুঠ ৩৮টা গ’ল স্কৰ কৰাৰ বিপৰীতে এটাও গ’ল খোৱা নাছিল৷ ১৯২৩ চনৰ ৩১ ডিচেম্বৰত পঞ্জাবৰ হৰিপুৰ খালছাত জন্মগ্রহণ কৰা বলবীৰ সিং ছিনিয়ৰে ১৯৫২ চনৰ হেলছিংকি অলিম্পিক আৰু ১৯৪৮ চনৰ লণ্ডন অলিম্পিকতো স্বর্ণ জয়ী ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰিছিল৷ উল্লেখ্য যে ১৯৪৮ চনৰ পৰা ১৯৫৬ চনলৈ অনুষ্ঠিত তিনিওখন অলিম্পিকতে স্বর্ণ জয় কৰা ভাৰতীয় দলটোৰ হৈ গুৰুত্বপূর্ণ ভূমিকা লৈছিল বলবীৰ সিং ছিনিয়ৰে৷ ১৯৫২ চনৰ হেলছিংকি অলিম্পিকত ব্যক্তিগতভাৱে ১৩টাকৈ গ’ল স্কৰ কৰা বলবীৰ সিঙে নেদাৰলেণ্ডৰ বিপক্ষে খেলা ফাইনেল মেচখনত পাঁচটাকৈ গ’ল স্ক’ৰ কৰিছিল৷ ইফালে, ১৯৫৭ চনত পদ্মশ্রী বঁটা লাভ কৰি দেশৰ প্রথমগৰাকী খেলুৱৈ হিচাপে গৌৰৱ অর্জন কৰিছিল বলবীৰ সিং ছিনিয়ৰে৷