দুবছৰৰ তলৰ শিশুৰ বাবে ফেচ মাস্ক বিপজ্জনক
নিয়মীয়া বার্তা, ২৭মেঃ জাপানত ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ হাৰ কিছু হ্রাস পোৱাৰ লগে লগে দেশখনৰ প্রধানমন্ত্রী শ্বিনজো আবেই টকি’ৰ পৰা প্রত্যাহাৰ কৰিছে জৰুৰী অৱস্থা৷ অৱশ্যে টকি’কে ধৰি বিভিন্ন অঞ্চলত ক’ৰোনাৰ দ্রুত বিস্তাৰ ঘটিলে পুনৰ জৰুৰী অৱস্থা বা প্রতিৰোধী নিষেধাজ্ঞা কঠোৰ কৰি তোলা হ’ব বুলি সতর্কবাণী কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ প্রধানমন্ত্রী আবেৰ এই সতর্কবাণীৰ মাজতে দেশখনৰ শিশু চিকিৎসা বিশেষজ্ঞসকলে ঘোষণা কৰিছে যে ক’ৰোনাৰ প্রতিৰোধৰ বাবে ফেচ মাস্ক পৰিধান কৰাটো জৰুৰী যদিও দুবছৰ তলৰ শিশুৰ বাবে এই ফেচ মাস্ক হ’ব পাৰে বিপজ্জনক৷ দুবছৰৰ তলৰ শিশুসকলে মাস্ক পৰিধান কৰিলে শ্বাস–প্রশ্বাসত কষ্ট অনুভৱ কৰে৷ গতিকে শিশুসকলৰ ক্ষেত্রত ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নকৰিবলৈ শিশু চিকিৎসক সংস্থাই দাবী জনাইছে৷ ইউৰোপৰ বিভিন্ন দেশত ইতিমধ্যে ফেচ মাস্ক পৰিধানৰ বাবেই বহু লোকৰ মুখমণ্ডলত আঘাত পোৱা পৰিলক্ষিত হৈছে৷