GMCHত অচিৰেই ২০০ বিছনাযুক্ত প্রথম ক’ভিড হাস্পতাল
নিয়মীয়া বাৰ্তা, ২৮ মেঃ বহিঃৰাজ্যৰ পৰা ৰে’ল, বাছেৰে অহা লোকে ৰাজ্যত ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি কৰাৰ সময়তে প্রথমবাৰৰ বাবে বিমানেৰে অহা এগৰাকী যাত্রী ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ উল্লেখ্য যে যোৱা ২৫ মে’ৰ পৰা দেশজুৰি ঘৰুৱা বিমানৰ চলাচল আৰম্ভ কৰাৰ পাছত আহমেদাবাদৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ অহা এইগৰাকী মহিলা যাত্রী শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ স্পাইচ জেট বিমানেৰে গুৱাহাটীত উপস্থিত হোৱা মহিলাগৰাকীৰ ছোৱাব টেষ্টৰ ফলাফল পজিটিভ অহাৰ পাছত মহিলাগৰাকীক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ভর্তি কৰোৱা হৈছে৷ ইফালে, ৰাজ্যত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কেইবাখনো ক’ভিড চিকিৎসালয়ৰ বিছনা হ্রাস পাইছে৷
এনে অৱস্থাত স্বাস্থ্য বিভাগে নতুনকৈ মুকলি কৰিবলৈ লৈছে আন কেইবাখনো ক’ভিড চিকিৎসালয়৷ এনে অৱস্থাৰ মাজতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) কাষতে অলপতে মুকলি কৰা হ’ব এখন সম্পূর্ণ ক’ভিড চিকিৎসালয়৷ ২০০ বিছনাযুক্ত এই চিকিৎসালয়খনৰ সকলো কাম–কাজ সম্পূর্ণ হৈছে৷ আই চি ইউকে ধৰি ক’ভিড–১৯ত গুৰুতৰভাৱে অসুস্থ ৰোগীক চিকিৎসা কৰিব পৰা সকলো ধৰণৰ সুবিধা থকা চিকিৎসালয়খন মুকলি হ’লে ৰাজ্যৰ এই স্পর্শকাতৰ সময়ত যথেষ্ট সুবিধা হ’ব বুলি উল্লেখ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– জি এম চি এইচৰ সোঁফালে স্থাপন হোৱা এই চিকিৎসালয়খন অহা দুদিনৰ ভিতৰত মুকলি কৰা হ’ব৷ ফলত ইতিমধ্যে ক’ৰোনা আক্রান্ত ৰোগীৰে ভর্তি হোৱা চিকিৎসালয়সমূহৰ বোজা কিছু হ্রাস পাব৷ আমাৰ হাতত এতিয়াও কেইবাখনো চিকিৎসালয়ৰ বিছনা মজুত আছে৷
বর্তমান আমি ১,০০০ ক’ৰোনা আক্রান্তক চিকিৎসা কৰাৰ বাবে সম্পূর্ণৰূপে সাজু৷ উল্লেখ্য যে নতুন ক’ভিড চিকিৎসালয়ৰ সমান্তৰালকৈ ৰাজ্যত নতুনকৈ স্থাপন হ’ব চাৰিটা লেবৰেটৰী৷ এই চাৰিটা লেবৰেটৰীত ছোৱাব টেষ্টৰ পৰীক্ষা সম্পন্ন কৰিব পৰা যাব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা তথ্য অনুসৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজৰ সহযোগত নতুনকৈ এটা লেবৰেটৰী স্থাপন কৰা হ’ব৷ আনহাতে, যোৰহাট ৰিজি’নেল ৰিছার্চ লেবৰেটৰীয়ে যোৰহাট প্রশাসন আৰু আৰ আৰ এলৰ উদ্যোগত আন এটা লেবৰেটৰী প্রতিষ্ঠা কৰিব৷ একেদৰে জি এম চি এইচতো দ্বিতীয়টো লেবৰেটৰী স্থাপনৰ কাম আগবাঢ়িছে৷ আৰু চতুর্থ লেবৰেটৰীটো ডিফু চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা হ’ব৷ ইয়াৰ বাবে আই চি এম আৰৰ অনুমোদন পোৱা গৈছে৷ ইফালে, ৰাজ্যত ছোৱাব টেষ্টিঙৰ সংখ্যা প্রতিদিনে ৫ হাজাৰলৈ বৃদ্ধি কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়ে৷