সাংবাদিক পীয়ূষকান্তি দাসৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ২৮ মেঃ ‘নিউজ লাইভ’ শিলচৰৰ ব্যুৰ’ চীফ তথা জ্যেষ্ঠ সাংবাদিক পীয়ূূষকান্তি দাসে (৫৬) শেষ নিশ্বাস ত্যাগ কৰে৷ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত সাংবাদিকগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ ‘নিউজ লাইভ’ৰ জন্মলগ্ণৰ পৰা কর্মৰত সাংবাদিকগৰাকীৰ মৃত্যুত ‘নিউজ লাইভ’ চেনেলৰ লগতে গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞান কৰে৷ মৃত্যুৰ সময়ত সাংবাদিকগৰাকীয়ে পত্নী–কন্যাৰ লগতে আত্মীয়–স্বজনক এৰি থৈ যায়৷