নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰক্ষাৰ দায়িত্ব লওক ৰাইজে

অসমত দ্রুতগতিত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ মাথোঁ কেইদিনমানৰ ভিতৰতে এই পৰিসংখ্যাই আঠশৰ ঘৰ অতিক্রম কৰিছে৷ সম্প্রতি চলি থকা গতিধাৰাই কয়, সংখ্যাটো কম দিনৰ ভিতৰতে এহেজাৰৰ অধিক হ’ব৷ কিন্তু এতিয়ালৈ আশাৰ কথা এইটোৱেই যে আক্রান্তৰ সংখ্যা ভয়ংকৰ হাৰত বাঢ়িলেও সি এটা বিশেষ পৰিমণ্ডলত সীমাবদ্ধ হৈ আছে৷ অর্থাৎ দুই–এটা ঘটনাক বাদ দিলে বাকী আক্রান্ত লোকসকল কোৱাৰেণ্টাইন কেন্দ্রত আবদ্ধ হৈ থকা৷ ইয়ে ৰাজ্যখনক ক’ভিড–১৯ৰ তৃতীয় পর্যায়লৈ যোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিছে৷ ইমানসংখ্যক লোক যদি ৰাজ্যখনৰ কোনো চহৰ বা গ্রামাঞ্চলত থাকি আক্রান্ত হ’লহেঁতেন, আজিৰ তাৰিখত অসমত ক’ৰোনাসৃষ্ট পৰিৱেশ কিমান ভয়ংকৰ হ’লহেঁতেন, সেয়া কল্পনাৰো অতীত৷ এইখিনিতে অসম চৰকাৰে কৃতিত্ব দাবী কৰিব পাৰে বা কৃতিত্ব তেওঁলোকৰ প্রাপ্য৷ ৰাজ্য চৰকাৰৰ নিষ্ঠা–দায়বদ্ধতা তথা দূৰদর্শিতাৰ বাবে আজি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই এহেজাৰৰ কাষত থিয় দিওঁ অসমৰ মানুহে সিমান নিৰাপত্তাহীনতাত ভোগা নাই বা ভুগিব পৰাকৈ ভাইৰাছবিধ চুকে–কোণে সংক্রমিত হ’ব পৰা নাই৷ অর্থাৎ ক’ভিড–১৯ৰ সংক্রমণে তৃতীয় পর্যায়ৰ ভয়ংকৰ পৰিৱেশ–পৰিস্থিতিটো অসমত সৃষ্টি কৰা নাই৷ কিন্তু এই ছবিখন সলনি হ’বলৈ অধিক পৰ নালাগে৷ অলপমান শিথিলতাই অসমৰ পৰিস্থিতি অন্য মাত্রালৈ লৈ যাব পাৰে৷ তবলিগী জামাতৰ শৃংখলডাল নিয়ন্ত্রিতপ্রায় হোৱাৰ পাছত অসমত ক’ভিড–১৯ৰ সংক্রমণ ইমানেই দুর্বল হৈ পৰিছিল যে ৰাজ্যখন শীঘ্রেই ক’ৰোনামুক্ত হ’ব বুলি বহুতৰ মানত লাহে লাহে ধাৰণা এটা গা কৰি ডঠিবলৈ ধৰিছিল৷ এটা–দুটাকৈ ক’ৰোনা ৰোগীৰ সন্ধান ওলালেও সামগ্রিকভাৱে ৰাজ্যখনত স্বস্তিৰ পৰিৱেশ এটা স্বতঃস্ফূর্তভাৱে গঢ়ি ডঠিছিল৷ কিন্তু বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল গৃহৰাজ্যলৈ ডভতি আহিবলৈ আৰম্ভ কৰাৰ সমান্তৰালকৈ বৃদ্ধি হ’বলৈ ধৰে ক’ভিড–১৯ত আক্রান্তৰ সংখ্য্য৷ শেহতীয়াকৈ অৱস্থা ইমানেই শোচনীয় হৈ পৰিল যে এদিনত পঞ্চাশৰ সংখ্যা অতিক্রম কৰাটো সাধাৰণ কথা হৈ পৰিল৷ অথচ একেখন ৰাজ্যতে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ৫০জন হ’বলৈ ৩৮ দিন লাগিছিল৷ সেয়াও তবলিগী জামাতীৰ বাবেহে সম্ভৱ হ’ল৷

ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অহা লোসকলক স্বাস্থ্য পৰীক্ষাৰ দিহা কৰি কোৱাৰেণ্টাইন কেম্পত ৰখাত মাৰাত্মক ভাইৰাছবিধ অসমৰ জনসমাজৰ সংস্পর্শৰ পৰা আঁতৰত থাকি গ’ল৷ সেই বাবে ৰাজ্যখনত এতিয়ালৈকে ক’ভিড–১৯ৰ তৃতীয়টো পর্যায়লৈ যোৱা নাই৷ ৰাজ্যবাসী সুৰক্ষিত হৈ আছে৷ কিন্তু এই সময়ছোৱাত কেতবোৰ ভয়ংকৰ ঘটনাও ঘটিছে৷ বহিঃৰাজ্যৰ পৰা ডভতি আহি কোৱাৰেণ্টাইন কেম্পত থকা দুই–এজন লোকে পলায়ন কৰি নিজ গৃহত নতুবা অন্য স্থানত আত্মগোপন কৰি আছে৷ তাৰে অনেকজন ক’ভিড–১৯ত আক্রান্ত হৈ থকা বুলি পৰীক্ষাৰ ফলাফলত ওলাইছে৷ এনে লোকে ৰাজ্যখনত ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ঘটাৰ অন্যতম কাৰক হ’ব পাৰে৷ তেওঁলোকে লগত লৈ যোৱা ভাইৰাছবিধে কাক কাক, ক’ত আৰু কেতিয়া সংক্রমিত কৰে, তাৰ কোনো লেখ–জোখ নাথাকিব৷ একেদৰে, এনে একাংশ লোকো আছে, যিয়ে বহিঃৰাজ্যৰ পৰা ঠিকেই অসমলৈ ডভতি আহিছে, কিন্তু সেই তথ্য চৰকাৰক অৱগত কৰা নাই৷ সীমান্তত থকা বিভিন্ন ডপ–পথেৰে গোপনে অসমত প্রৱেশ কৰিছে৷

অনুমতি নোহোৱাকৈ প্রৱেশ কৰিছে৷ আনকি সীমান্তত কর্তব্যৰত লোকক ফাঁকি দিও বহু লোক অসমত প্রৱেশ কৰা বুলি সংবাদ মাধ্যমত তথ্যসহ বাতৰি পাইছে৷ এই লোকসকলো অসমৰ জনসাধাৰাণৰ বাবে বিপজ্জনক হ’ব পাৰে৷ কিয়নো বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবেই অসমত ক’ভিড–১৯ৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ এই পৰিপ্রেক্ষিতত বহিঃৰাজ্যৰ পৰা গোপনে অহা লোকসকলে বা তাৰে একাংশই যে লগত মহামাৰীবিধ লৈ নাহিব তাৰ নিশ্চয়তা ক’ত? সেই লোকসকল এতিয়া বিভিন্ন গাঁৱত আশ্রয় লৈ আছে৷ বেছিভাগেই নিজ নিজ ঘৰত আছে৷ তেওঁলোকৰ জৰিয়তে অসমত সামাজিক সংক্রমণৰ ভেটিটো ৰচনা হ’ব পাৰে৷

তদুপৰি, কোৱাৰেণ্টাইত থকা লোকৰ বাহিৰৰ পৃথিৱীৰ সৈতে মিলামিচা কৰাৰ বিপজ্জনক প্রৱণতাই পৰিৱেশ নিয়ন্ত্রণৰ বাহিৰলৈ লৈ যাব পাৰে৷ বহুতে কোৱাৰেণ্টাইন কেম্পৰ পৰা বজাৰলৈ গৈ বয়–বস্তু ক্রয় কৰা, জনসমাগমৰ সৈতে মিলি যোৱা আদি ঘটনা সততে ঘটি আছে৷ তেওঁলোকেও অসমখনক বিপদলৈ ঠেলি দিব পাৰে৷ এতিয়া অসমবাসীৰ দৰকাৰ ক’ভিড–১৯ক তৃতীয় পর্যায়ৰ ভয়াৱহ অৱস্থালৈ যোৱাৰ পৰা অসমখনক সুৰক্ষিত কৰি ৰখা৷ প্রথম আৰু দ্বিতীয় পর্যায়ত ভাইৰাছবিধৰ কাৰ পৰা সংক্রমণ ঘটিছে, সেইটো উলিয়াব পৰা যায় নতুবা

উৎস সন্দর্ভত তথ্য নিশ্চিত কৰিব পাৰিব৷ কিন্তু তৃতীয় পর্যায়ৰ সংক্রমণ মানেই হ’ল ডৎসৰ অস্পষ্টতা৷ যেতিয়াই–তেতিয়াই য’তে–ত’তে লোক সংক্রমণৰ বলি হ’ব পাৰে৷ তেনে অৱস্থাত ভাইৰাছবিধক নিয়ন্ত্রণ কৰা যিকোনো চৰকাৰৰ বাবে অসম্ভৱপ্রায় হৈ পৰে৷ স্পেইন, ইটালী, আমেৰিকা যুক্তৰাষ্টৰ দৰে উন্নত ৰাষ্ট্রত সেয়ে মৃত্যুৱে কিৰীলি পাৰিবলৈ সক্ষম হৈছে৷ অসমৰ দৰে ৰাজ্য এখনত সামাজিক সংক্রমণ ঘটিবলৈ হ’লে ই বহু লোকৰ প্রাণ আঁজুৰি নিব পাৰে৷ সেয়ে দৰকাৰ জনসাধাৰণৰ সচেতনতা আৰু সতর্কতা৷ ৰাইজে নিজেই বহিঃৰাজ্যৰ পৰা কোন কোন গোপনে আহি বা কোৱাৰেণ্টাইন কেম্পৰ পৰা পলাই আত্মগোপন কৰি আছে, তেওঁক দেখুৱাই দিয়ক৷ লগতে হোম কোৱাৰেণ্টাইনত থকা কোনোৱে যদি বাহিৰলৈ ওলাই আহে, তেওঁকো সাৱধান কৰি দিয়ক নতুবা প্রশাসনক সেই বিষয়ে অৱগত কৰক৷ এইসকল লোকক নিয়ন্ত্রণ কৰিব পাৰিলে অসমখন তৃতীয় পর্যায়লৈ যোৱাৰ পূর্বে সন্তোষজনক স্থিতি এটাত থাকিব পাৰে৷ লগতে এটা কথাও মনত ৰাখিব লাগিব– ৰোগী নহয়, ৰোগৰ বিৰুদ্ধেহে সমাজখন৷

You might also like