চলিত শিক্ষাবর্ষতে পাঠ্যক্রম শেষ কৰাৰ আহ্বান আছুৰ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ অসম চৰকাৰৰ শিক্ষা বিভাগে (প্রাথমিক আৰু মাধ্যমিক) অসমৰ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবর্ষৰ কাল বৃদ্ধিকৰণ তথা পৰিৱর্তন সম্পর্কত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ অধ্যক্ষক পৰামর্শ আগবঢ়াবলৈ ৰাজহুৱা জাননীৰ জৰিয়তে জনোৱা আবেদনৰ পৰিপ্রেক্ষিতত সদৌ অসম ছাত্র সন্থাই ছেবাৰ অধ্যক্ষক সন্থাৰ মতামত দাখিল কৰে৷ উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত প্রীতম শইকীয়াই চলিত ২০২০ শিক্ষাবর্ষৰ কাল ডিচেম্বৰৰ পৰিৱর্তে ২০২১ চনৰ মার্চ মাহলৈ বৃদ্ধিকৰণৰ প্রস্তাৱ বিবেচনা কৰাৰ লগতে সমান্তৰালভাৱে পৰৱর্তী বছৰসমূহৰ শিক্ষাবর্ষ ১ এপ্রিলৰ পৰা আৰম্ভ কৰিবলৈ বিবেচনা কৰাৰ কথা ৰাজহুৱাকৈ প্রকাশ কৰি এই বিষয়ত সকলোৰে পৰামর্শ বিচাৰিছে৷ সেইমর্মে, সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যৰ নেতৃত্বত ৰাজ্যিক কার্যনির্বাহকৰ সদস্য সীমান্ত ঠাকুৰীয়া, তপন কলিতা প্রমুখ্যে এটা প্রতিনিধি দলে ছেবাৰ অধ্যক্ষ ৰমেন চন্দ্র জৈনক সাক্ষাৎ কৰি ছাত্র সন্থাৰ দৃষ্টিভংগী দাখিল কৰে৷ ছাত্র সন্থাৰ মতামত দাখিল কৰি কোৱা হয় যে অসমৰ ছাত্র–ছাত্রীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ নিশ্চিত হ’বই লাগিব৷ সাম্প্রতিক পৰিস্থিতিক লৈ অসমৰ ছাত্র–ছাত্রীৰ শৈক্ষিক বর্ষ ক্ষতি হ’ব নালাগিব৷ এই বছৰটোৰ বাবে চৰকাৰী বন্ধ হ্রাস কৰি কর্মদিন বৃদ্ধি কৰা উচিত৷ শনিবাৰে শ্রেণী হোৱা উচিত৷ সংক্রমণৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চলিত বছৰটোতেই নির্ধাৰিত পাঠ্যক্রম সম্পূর্ণ কৰাৰ নীতি শিথিল কৰাৰ উপায় উদ্ভাৱন কৰা উচিত৷ অসমৰ সামাজিক পটভূমি আৰু প্রাকৃতিক পৰিৱেশৰ আধাৰত সকলো কথা খৰচি মাৰি আলোচনা কৰাৰ পাছত ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ শিক্ষাবর্ষ কার্যকৰী হোৱা উচিত বুলি ছাত্র সন্থাই ইতিমধ্যেই মত প্রকাশ কৰিছে৷
‘এদিনো অপব্যয় হ’ব নালাগে’’Not to waste a single day’ ৰ মূল নীতিৰ আধাৰত শৈক্ষিক দিনপঞ্জী প্রস্তুত কৰি পূর্বে ছেবাক দাখিল কৰা হৈছে৷ অসম চৰকাৰে এই বিষয়ত ছাত্র সন্থা, উন্নতি সভা আৰু উল্লিখিত সকলো শিক্ষক সংগঠনৰ সৈতে কেইবালানিও আনুষ্ঠানিক আলোচনা কৰাৰ পাছত এই শৈক্ষিক দিনপঞ্জীখন গ্রহণ কৰিছিল৷ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ শিক্ষাবর্ষ কার্যকৰী কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সেয়ে পুনৰ ছাত্র সন্থাই চলিত শিক্ষাবর্ষতে পাঠ্যক্রম সমাপ্ত কৰাৰ দাবী জনায়৷ সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্রমে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক–কর্মচাৰী সন্থা, অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, অসম জুনিয়ৰ কলেজ শিক্ষক–কর্মচাৰী সন্থা, সদৌ অসম স্বীকৃতিপ্রাপ্ত মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ, নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, অসমৰ নেতৃবর্গৰ মাজত ক’ৰোনাৰ সংক্রমণৰ ফলত শিক্ষা বিষয়াৰ কেতবোৰ বিষয়ৰ ওপৰত গুৱাহাটী শ্বহীদ ভৱনত সামাজিক দূৰত্ব, স্বাস্থ্য বিষয়ক নিয়ম মানি এক আলোচনা হয়৷ পৰৱর্তী সময়ত আন আন শিক্ষক সংগঠনৰ সৈতে ছাত্র সন্থাই আলোচনা কৰিব৷ আজি বিভিন্ন শিক্ষক সংগঠনৰ নেতৃবর্গৰ মাজত ক’ৰোনাৰ সংক্রমণৰ ফলত অসমৰ শিক্ষা নামত সৃষ্টি হোৱা পৰিৱেশৰ ওপৰত আলোচনা হয়৷ আজিৰ আলোচনা সভাই সাম্প্রতি পৰিস্থিতিৰ চিন্তা প্রকাশ কৰি কয়– ‘সাম্প্রতিক পৰিস্থিতিক লৈ অসমৰ ছাত্র–ছাত্রীৰ শৈক্ষিক বর্ষ ক্ষতি হ’ব নালাগিব৷ শনিবাৰৰ দিনটো সম্পূর্ণ শ্রেণীৰ ব্যৱস্থা কৰা উচিত৷ এই বছৰটোৰ বাবে চৰকাৰী বন্ধ হ্রাস কৰি শৈক্ষিক দিন বৃদ্ধি কৰা উচিত৷ প্রয়োজন সাপেক্ষে বিষয় ভিত্তিত অতিৰিক্ত শ্রেণী অনুষ্ঠিত কৰা উচিত৷ এটা স্বাস্থ্যজনিক সমস্যাৰ সৃষ্টি হোৱা বাবে চলিত বছৰটোতেই নির্ধাৰিত পাঠ্যক্রম সম্পূর্ণ কৰাৰ নীতি কিছু শিথিল কৰাৰ উপায় উদ্ভাৱন কৰা উচিত৷’