নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ ‘হিমবাহৰ অগ্রভাগ মাত্র’

নিয়মীয়া বাৰ্তা, ২৯ মেঃ চীনৰ বীজাণু বিশেষজ্ঞ ছি ঝেংলিয়ে ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ পাছত পুনৰ মুকলিকৈ আত্মপ্রকাশ কৰি ঘোষণা কৰিছে যে ক’ৰোনা ভাইৰাছৰ আৰম্ভণি মাত্র হিমবাহৰ অগ্রভাগৰ দৰে সাধাৰণ ঘটনা৷ উল্লেখনীয় যে ৱুহানৰ পৰীক্ষাগাৰত বাদুলীৰ ওপৰত গৱেষণা চলোৱা ঝেংলিক ‘বেট ৱ’মেন’ হিচাপে অভিহিত কৰা হৈছে৷ বাদুলী আৰু ভাইৰাছবিধৰ গৱেষণাৰ বাবে বিশ্বজুৰি চর্চিত হোৱা ঝেংলিয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে এই মাৰাত্মক হিচাপে চিহ্ণিত ক’ৰোনা ভাইৰাছ সাধাৰণ স্তৰতেই আছে৷ দেশৰ টেলিভিছনৰ সৈতে হোৱা সাক্ষাৎকাৰত ঝেংলিয়ে উল্লেখ কৰিছে যে ইয়াক প্রতিৰোধ কৰাৰ বাবে বিশ্ববাসীয়ে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এইক্ষেত্রত আমেৰিকাৰ সকলো অভিযোগ অগ্রাহ্য কৰিছে ঝেংলিয়ে৷

You might also like