নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

T–২০ বিশ্বকাপ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ১০ জুনত

নিয়মীয়া বাৰ্তা, ২৯ মেঃ অষ্ট্রেলিয়াত অহা অক্টোবৰ–নৱেম্বৰ মাহত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ সন্দর্ভত অহা ১০ জুনত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ নির্ধাৰিত সূচীমতে আয়োজনৰ সন্দর্ভত বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ আজি অনুষ্ঠিত বৈঠকত আলোচনা হোৱাৰ কথা আছিল যদিও এই গুৰুত্বপূর্ণ বিষয়টোৰ সিদ্ধান্ত লোৱাৰ বাবে ১০ জুনলৈ পিছুৱাই দিয়ে আইচিচিয়ে৷ টেলি–কনফাৰেঞ্চৰ জৰিয়তে হোৱা বৈঠকত আগভাগ লোৱা আইচিচিৰ অধ্যক্ষ শশাংক মনোহৰে কয় যে গোপনীয়তাৰ স্বার্থত টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ লগতে আন বিষয়সমূহৰ ওপৰত ল’বলগীয়া সকলোবোৰ সিদ্ধান্ত ১০ জুনলৈ পিছুৱাই দিয়া হয়৷

আইচিচিৰ আজি এই বৈঠকখনলৈ সকলোৱে অধীৰ আগ্রহেৰে বাট চাইছিল৷ কিয়নো আজিৰ এই বৈঠকখনতে অষ্ট্রেলিয়াত হ’বলগীয়া আগন্তুক টি–২০ বিশ্বকাপখনৰ আয়োজনৰ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণৰ কথা আছিল৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে অষ্ট্রেলিয়াত হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷ ইফালে, বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ এই গুৰুত্বপূর্ণ বৈঠকখনত ২০২১ চনত ভাৰতত হ’বলগীয়া টি–২০ বিশ্বকাপখনৰ বাবে বিচিচিআয়ে এতিয়ালৈকে পৰিশোধ নকৰা কৰ সন্দর্ভতো আলোচনা হোৱাৰ পূর্ণ সম্ভাৱনা আছিল৷ মন কৰিবলগীয়া যে নির্ধাৰিত সময়ত ভাৰতে টি–২০ বিশ্বকাপখনৰ বাবে কৰ পৰিশোধ নকৰাত আইচিচিয়ে ভাৰতৰ পৰা বিশ্বকাপখনৰ আয়োজনৰ স্বত্বও কাঢ়ি নিব বুলি সকীয়নি দিছিল৷ ইফালে, মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে যোৱা মার্চ মাহৰ মাজভাগৰ পৰা সম্পূর্ণৰূপে বন্ধ হৈ থকা ক্রিকেট প্রতিযোগিতাসমূহ পুনৰ আয়োজন কৰাৰ সন্দর্ভতো আইচিচিৰ বৈঠকখনত আলোচনা হোৱাৰ কথা আছিল৷

You might also like