ঘৰত খাদ্য বনাই প্রবাসীক দিলে সেৱাগে
নিয়মীয়া বাৰ্তা,৩০ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বর্তমান সমগ্র দেশতে চলি আছে লকডাউন৷ এনে অৱস্থাত সকলো শ্রেণীৰ লোকৰে স্বাভাৱিক জীৱনযাত্রাত বাৰুকৈয়ে ব্যাঘাত জন্মিছে৷ এনে অৱস্থাত বিভিন্নজনে বিভিন্ন ধৰণে আর্তজনক সহায়ৰ হাত আগবঢ়াইছে৷ ইয়াৰ ব্যতিক্রম নহয় ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্র সেৱাগো৷ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে পত্নী আৰু মাকৰ সৈতে ঘৰতে খাদ্য প্রস্তুত কৰি পেকেট বনোৱাৰ ফটো প্রাক্তন ক্রিকেটাৰগৰাকীৰ নিজস্ব ছ’চিয়েল মিডিয়াত ভাইৰেল হয়৷ খাদ্যসমূহ প্রবাসী শ্রমিকৰ মাজত বিতৰণ কৰে বুলি টীম ইণ্ডিয়াৰ প্রাক্তন বিস্ফোৰক বেটছমেনগৰাকীয়ে ছ’চিয়েল মিডিয়াত সদৰী কৰে৷ সেৱাগৰ নিজস্ব সেৱাগ ফাউণ্ডেচনে উদয় ফাউণ্ডেচনৰ সৈতে লগ লাগি প্রবাসী শ্রমিকসকলক সহায়ৰ হাত আগবঢ়ায়৷ উল্লেখ্য যে সেৱাগৰ পূর্বে ক্রিকেটাৰ হৰভজনৰ লগতে প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিঙেও নিজ নিজ স্থানত দুখীয়াজনৰ মাজত খাদ্য বিতৰণ কৰিছিল