ধুমুহা–শিলাবৃষ্টিত খেতি নষ্ট যগদৈ মুছলমানপাৰাত কৃষকৰ বিলৈ
নিয়মীয়া বার্তা, ৩১ মে’: কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অন্তর্গত যগদৈ মুছলমানপাৰা গাঁৱত কেইবা হেক্টৰ বিঘা ধান খেতি নষ্ট হৈ যোৱাত অঞ্চলটোত কৃষকসকলৰ বিলৈ হৈছে৷ প্রাপ্ত বাতৰি অনুসৰি উক্ত গাঁওখনৰ কৃষকসকলে কিষাণ ক্রেডিড কার্ড সংক্ষেপে কেচিচি আৰু বন্ধন বেংকৰ পৰা ঋণ লৈ কৃষকসকলে ধান খেতি কৰিছে যদিও বিগত দিনবোৰত ধাৰাবাহিকভাৱে শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত ধান খেতিবোৰৰ ব্যাপক ক্ষতিসাধন হোৱা পৰিলক্ষিত হয়৷
ধান গা–গছৰ পৰা ওলোৱাৰ সময়তে প্রচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ কোব খোৱাৰ বাবে ধান খেতিৰ পতান হৈ পৰে৷ সেই বাবে এতিয়া উক্ত অঞ্চলৰ কৃষকসকলে মূৰে–কপালে হাত দিবলগা হৈছে৷ উক্ত গাঁওখনত ধান খেতিৰ লগতে কল খেতি, বেঙেনা খেতি আদিও নষ্ট হৈ গৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ত কৃষকসকল এনেধৰণৰ ক্ষতিগ্রস্ত হোৱাৰ বাবে কৃষকসকলে কৃষি বিভাগৰ পৰা আর্থিক সহায় আগবঢ়াবলৈ ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰ ওচৰত দাবী জনাইছে৷
ইপিনে একাংশ কৃষকে আকৌ দুর্যোগ ব্যৱস্থাপনা বিভাগৰ পৰাও ধান খেতি নষ্ট হৈ যোৱাত কৃষকসকলক আর্থিক অনুদান আগবঢ়াবলৈ কোকৰাঝাৰ জিলা উপায়ুক্তক অনুৰোধ জনাইছে ৷