সুস্থ হৈ উঠিছে ৰাজ্যৰ আটাইতকৈ কনিষ্ঠ ক’ৰোনা ৰোগী
নিয়মীয়া বার্তা, ৩১ মে’: ৰাজ্য তথা হোজাইবাসীৰ বাবে এটা ভাল খবৰ৷ ক’ৰোনাত আক্রান্ত এটি কণমানি তিনিমহীয়া শিশু আৰু পিতৃ সুস্থ হৈ হোজাইলৈ ঘূৰি আহিছে৷ হোজাইৰ দেৱস্থানৰ বাসিন্দা ক’ভিড আক্রান্ত পিতৃসহ শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ এই তিনিমহীয়া কণমানি শিশুটি ৰাজ্যৰ কনিষ্ঠতম ক’ৰোনা আক্রান্ত শিশু আছিল৷ পিতা–পুত্র সুস্থ হৈ উঠাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে দুয়োকে৷
উল্লেখ্য যে হোজাইৰ দেৱস্থানৰ চাইফ উদ্দিন আৰু তেওঁৰ তিনিমহীয়া পুত্র আক্রান্ত হৈছিল ক’ৰোনাত৷ কর্মসূত্রে মুম্বাইত আছিল উক্ত পৰিয়ালটো৷ কেইদিনমান পূর্বে মুম্বাইৰ পৰা স্বগৃহ দেৱস্থানলৈ আহিছিল পিতৃ–মাতৃসহ শিশুটি৷ গুৱাহাটীৰ সৰুসজাইত সকলোৰে ছোৱাব সংগ্রহ কৰি পৰিয়ালটোক দেৱস্থানৰ বাসগৃহত হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল৷ তাৰ পাছতে পিতৃ আৰু তিনিমহীয়া শিশুটি ক’ৰোনাত আক্রান্ত হোৱাত দুয়োকে হোজাই প্রশাসন আৰু স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে৷
ৰাজ্যৰ ভিতৰত আটাইতকৈ কনিষ্ঠ ক’ৰোনা আক্রান্ত শিশুটিৰ লগতে পিতৃগৰাকী সুস্থ হৈ উঠা বিষয়টোৱে ৰাজ্যবাসীলৈ এক সুখৰ বতৰা কঢ়িয়াই আনিছে৷ অতি কম সময়ৰ ভিতৰতে পিতা–পুত্র সুস্থ হৈ উঠাত ইমানদিনে ক’ৰোনাৰ বাবে আতংকিত হৈ থকা হোজাইবাসীও স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে৷ লগতে অতি কম সময়ৰ ভিতৰতে দুয়ো ক’ৰোনাৰ পৰা মুক্তি পোৱা বিষয়টো অসমৰ স্বাস্থ্য বিভাগৰ বাবে সুখবৰ বুলি সম্প্রতি চর্চিত হৈছে সামাজিক মাধ্যমত৷