নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যখনে চাৰিটা দুর্যোগৰ বিৰুদ্ধে সমানে যুঁজ দিবলগীয়া হৈছেঃ মুখ্যমন্ত্রী

নিয়মীয়া বার্তা, ৩১ মে’: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শনিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্রী সমষ্টিৰ অন্তর্গত দৌলাশাল–লাৰকুছিৰ ব্রহ্মপুত্রৰ মথাউৰিৰ সমীপৰ খহনীয়া প্রতিৰোধ ব্যৱস্থাৰ বুজ লয়৷ খহনীয়া প্রতিৰোধ ব্যৱস্থা যুদ্ধকালীন তৎপৰতাৰে সম্পূর্ণ কৰাৰ বাবে পদক্ষেপ ল’বলৈ জলসম্পদ বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রী সোণোৱালে৷ পৰিদর্শনস্থলীত উপস্থিত থকা সাংবাদিকৰে বার্তালাপত মুখ্যমন্ত্রী সোণোৱালে কয় যে সাম্প্রতিক বানত ৰাজ্যখনৰ বহু ঠাইত মথাউৰিসমূহত খহনীয়া হৈছে বুলি জানিব পৰা গৈছে৷ তদুপৰি ৰাজ্যখনৰ কিছুমান ঠাইত নতুনকৈ খহনীয়া আৰম্ভ হৈছে৷ যিবোৰ ঠাইত মথাউৰি ভাঙিছে তথা খহনীয়াৰ সৃষ্টি হৈছে, সেইবোৰ ঠাইত স্থানীয় বিধায়ক, সাংসদ তথা ৰাইজৰ সহযোগত জলসম্পদ বিভাগক যুদ্ধকালীনভাৱে মেৰামতিৰ পদক্ষেপ ল’বলৈ ইতিমধ্যে নির্দেশ দিয়া হৈছে৷

যিহেতু এটা মথাউৰি সম্পূর্ণভাৱে নির্মাণৰ কাম এই বতৰত সম্ভৱ নহয়, সেয়েহে খহনীয়া প্রতিৰোধৰ বাবে বর্তমান যিকেইটা পদক্ষেপ কাৰিকৰীভাৱে সম্ভৱ, সেইকেইটা পদক্ষেপ তৎকালে লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ মথাউৰিসমূহ নির্মাণ তথা মেৰামতিৰ বাবে অসম চৰকাৰে সময় মতে নিবিদাৰ প্রক্রিয়া আৰম্ভ কৰিছিল বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে ক’ভিড–১৯ৰ ফলত দেশজুৰি আৰোপ কৰা লকডাউনৰ ফলত সেই কামসমূহ সময় মতে কৰিব পৰা হোৱা নাছিল৷ তৎসত্ত্বেও ৰাজ্য চৰকাৰে বিপদসংকুল মথাউৰিসমূহ মেৰামতিৰ বাবে সিদ্ধান্ত লৈছে৷ অৱশ্যে প্রতিকূল বতৰে এইক্ষেত্রত বহু পৰিমাণে বাধাৰ সৃষ্টি কৰিছে৷ খহনীয়াক যুদ্ধকালীনভাৱে কাম কৰি হ’লেও প্রতিৰোধ কৰিব লাগিব৷ ৰাজ্যখনে বর্তমান ক’ভিড–১৯ৰ সংক্রমণ, বানপানী, খহনীয়া, ধুমুহা আৰু আফ্রিকান ছোৱাইন ফিভাৰৰ দৰে চাৰিটা দুর্যোগৰ বিৰুদ্ধে সমানে যুঁজ দিব লগা হৈছে বুলি উল্লেখ কৰি ৰাইজক এইক্ষেত্রত মনোবল অটুট ৰাখি চৰকাৰে লোৱা পদক্ষেপসমূহলৈ সম্পূর্ণ সহায়–সহযোগিতা আগবঢ়াই যাবলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ তেওঁ ক’ভিড–১৯ তথা অন্যান্য ক্ষেত্রত ৰাজ্যখনৰ সাংবাদিকসকলে লোৱা জনসচেতনতাৰ পদক্ষেপৰো শলাগ লয়৷ তেওঁ লগতে কয় যে খহনীয়াৰ বিষয়টো দুর্যোগ হিচাপে সন্নিৱিষ্ট কৰাৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙলৈ ৰাজ্য চৰকাৰে ইতিমধ্যেই প্রতিবেদন প্রেৰণ কৰিছে৷

অসমবাসীৰ সহযোগত আগন্তুক সময়ত এই দুর্যোগৰ বিৰুদ্ধে মোকাবিলা কৰাৰ দিশত ৰাজ্য চৰকাৰে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে৷ তেওঁ লগতে সাম্প্রতিক বানত ক্ষতিগ্রস্ত মীনপালক আৰু খেতিয়কসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলি সদৰী কৰে৷ আজিৰ এই পৰিদর্শনৰ সময়ত বৰক্ষেত্রী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শর্মা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জলসম্পদ বিভাগৰ বিষয়াকে ধৰি জিলা প্রশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like