জুপাংবাৰীত গছপুলি ৰোপণ যুৱ সংঘৰ
নিয়মীয়া বার্তা, ১ জুনঃ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা হাছং এলেকাৰ অন্তর্গত জুপাংবাৰীত অলপতে গছপুলি ৰোপণ কার্যসূচী ৰূপায়ণ কৰা হয়৷ জুপাংবাৰী জনজাতীয় বন সংৰক্ষণ যুৱক সংঘ তথা স্থানীয় ৰাইজে সমূহীয়াভাৱে অঞ্চলটোত বিভিন্ন ফলমূলৰ পুলি ৰোপণ কৰে৷
উল্লেখ্য যে ঐতিহাসিক চানডুবি বিলৰ দাঁতিকাষৰীয়া প্রাকৃতিক প্রাচুর্যৰে ভৰপূৰ চিৰসেউজ অঞ্চলটোৰ প্রকৃতিপ্রদত্ত স্বকীয়তা অটুট ৰখাৰ লক্ষ্যৰে পূর্বৰে পৰাই যুৱক সংঘৰ সদস্যসকলে সজাগতামূলক সভাকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে৷ ইয়াৰে অংশ হিচাপে লকডাউন চলি থকাৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি যাৱতীয় নীতি অৱলম্বনেৰে গছপুলি ৰোপণ কার্যসূচী ৰূপায়ণ কৰে বুলি জানিবলৈ দিয়ে সংঘৰ বিষয়ববীয়াসকলে৷