নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ জুনত পুৱা ৯ বজাৰ পৰা ডিজিটেল মাধ্যমত পাব মেট্রিক পৰীক্ষাৰ ৰিজাল্ট

নিয়মীয়া বার্তা, ১ জুনঃ  অহা ৬ জুনত ঘোষণা কৰা হ’ব মেট্রিকৰ ফলাফল৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত সৃষ্টি হোৱা সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ ডিজিটেল পদ্ধতিৰে ঘোষণা কৰা হ’ব মেট্রিকৰ ফলাফল৷ দেওবাৰে এখন সংবাদ মেলযোগে এই কথা সদৰী কৰে ৰাজ্যৰ বিত্ত–স্বাস্থ্য তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে ৰাজ্যৰ ৮৬০টা পৰীক্ষা কেন্দ্রত প্রায় ৩.৫৮ লাখ শিক্ষার্থী মেট্রিক পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ক’ভিড–১৯ মহামাৰীৰ ফলত মেট্রিক পৰীক্ষাৰ ফলাফলক লৈয়ো এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল৷ স্কুল–কলেজসমূহ বন্ধ হৈ থকাত সময় মতে উত্তৰবহীসমূহৰ মূল্যায়ন সম্ভৱ হ’ব নে নহয়, তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল৷ কিন্তু সকলো প্রত্যাহ্বান নেওচি ২৭ এপ্রিলৰ পূর্বে উত্তৰবহীসমূহৰ মূল্যায়ন সমাপ্ত কৰা হয়৷

আনহাতে, ১০–১৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি মন্ত্রী ড০ শর্মাই জনায়৷ ইয়াৰ লগে লগে সময় মতে মেট্রিকৰ ফলাফল ঘোষণা কৰাটো সম্ভৱ হৈ উঠে৷

ইপিনে, সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শিক্ষার্থীসকলক বিদ্যালয়লৈ নাহিবলৈ আহ্বান জনাইছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ সচিব সুৰঞ্জনা সেনাপতিয়ে৷ এই প্রসংগত তেওঁ কয়–‘মেট্রিক পৰীক্ষাৰ ফলাফলৰ বাবে কোনো শিক্ষার্থী বিদ্যালয়লৈ আহিব নালাগে৷ ফলাফলৰ বাবে বিদ্যালয় খোলাৰ প্রয়োজন নাই৷ এইবাৰ ফলাফলৰ দিনাখন মার্কশ্বীট আৰু উত্তীর্ণৰ প্রমাণ–পত্র প্রদান কৰা নহ’ব৷ বিদ্যালয়সমূহ খুলিলেহে মার্কশ্বীট, উত্তীর্ণৰ প্রমাণ–পত্র প্রদান কৰা হ’ব৷’

সচিবগৰাকীয়ে সদৰী কৰা অনুসৰি ১৩ টা ৱেবছাইট আৰু এটা ম’বাইল এপৰ জৰিয়তে প্রকাশ কৰা হ’ব মেট্রিকৰ ফলাফল৷ ৬ জুনৰ পুৱা ৯ বজাত পিডিএফ ফর্মেটত উপলব্ধ হ’ব মেট্রিকৰ ফলাফল৷

You might also like