নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যয়নৰ বাবে ছাত্ৰই কৰিব লগা হৈছে পাচলিৰ ব্যৱসায়

নিয়মীয়া বাৰ্তা ৩ জুনঃ এজন মেধা ছাত্ৰৰ কঠোৰ সংগ্ৰামৰ কাহিনী । পঢ়াৰ খৰচ উলিয়াবলৈ কৰিব লগা হৈছে পাচলিৰ ব্যৱসায় স্নাতক ষষ্ঠ ষান্মাষিকৰ ছাত্ৰই । বঢ়মপুৰ সমষ্টিৰ ননৈ চাৰি আলিত ঘৰ নয়নজ্যোতি হাজৰিকাৰ । অসুস্থ তৰুণ হাজৰিকাৰ একমাত্ৰ পুত্ৰ নয়নজ্যোতি বৰ্তমান ননৈ মহাবিদ্যালয়ৰ স্নাতক চুড়ান্ত ষান্মাষিকৰ ছাত্র । পিছে মেধা ছাত্ৰ নয়নৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ পৰিছে দৰিদ্ৰতা । উচ্চ শিক্ষা গ্ৰহণৰ প্ৰৱল হেপাঁহ থকা নয়নে পঢ়া টেবুল এৰি বহিব লগা হৈছে পাচলিৰ দোকানত । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দুটাকৈ বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ নয়নে নিজাকৈ পাচলিৰ ব্যৱসায় কৰাৰ লগতে সামন্তৰালভাৱে চলাই গৈছে পঢ়া-শুনাও । এটা কোঠালি যুক্ত জৰাজীৰ্ণ পঁজা ঘৰ এটাতে পিতৃ-মাতৃৰ সৈতে অতি কষ্টৰে জীৱন যাপন কৰিও উচ্চ শিক্ষা গ্ৰহণৰে শিক্ষক হোৱাৰ সপোন দেখিছে নয়নে ।
উল্লেখযোগ্য যে মাত্ৰ ১০০ মিটাৰ নিলগত সুতাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয় অৱস্থিত যদিও আজিকোপতি ৰেচন কাৰ্ডখনৰ বাদে দৰিদ্ৰ লোকসকলৰ বাবে আবন্টিত কোনো ধৰনৰ চৰকাৰী আচঁনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱাতো চৰম দুৰ্ভাগ্যজনক । আনহাতে পৰিয়ালটোলৈ ভাবুকি কঢ়িয়াই আনিছে ঘৰৰ কাষেৰ বৈ যোৱা ননৈ উপনৈৰ গৰাখহনীয়াই । যিকোনো মূহুৰ্তত নৈৰ বুকুত বিলীন হ’ব পাৰে নয়নৰ আপোন ঘৰখন ।
নয়নৰ দৰে দুৰ্ভগীয়া ছাত্ৰই পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্বৰে জীৱনৰ কঠোৰ সংগ্ৰামত ব্ৰতী হৈ পুৰণ কৰিব পাৰিবনে জীৱনৰ হেপাঁহৰ সপোন ?

You might also like