নিয়মীয়া বাৰ্তা , ৩ জুনঃ নগাঁৱত আজি পুনৰ ৬ জন লোক ক’ভিড-১৯ ত পজিটিভ হোৱাটো নিশ্চিত হৈছে। আজি পুৱাৰ ভাগত ৪ জন লোকৰ ক’ভিড-১৯ পজিটিভ হোৱাৰ পিছত সন্ধিয়া আন ৬ জন লোক ক’ভিড-১৯ ত পজিটিভ হোৱাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। এই ৬ জন হ’ল ননৈ কলেজত কোৱাৰেণ্টাইন হৈ থকা নগাওঁ চহৰৰ ইটাপাৰাৰ শ্বৰিফুল ইছলাম(১৮), লাওখোৱা আদৰ্শ বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা চামগুৰিৰ আৰিফ ইছলাম(২০), চামগুৰি গেৰুৱাৰ আইজুল ইছলাম(১৯), চামগুৰিৰ ইক্ৰামুল ইছলাম(২২) । এই চাৰিজন মহাৰাষ্ট্ৰৰ পৰা অহা। আনহাতে আন দুজন হল দিল্লীৰ পৰা আহি ননৈ কলেজত কোৱাৰেণ্টাইন হৈ থকা বঢ়মপুৰ বিহৰী গাঁৱৰ শ্যামন্ত বৰা(৩৬), আৰু মহাৰাষ্ট্ৰৰ পৰা আহি ধিং গাৰ্লছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা ধিঙৰ দেহা মণি নাথ(৩১)। এই ৬ জন লোকৰ ক’ভিড-১৯ পজিটিভ হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ইয়াকে লৈ আজিৰ দিনটোত নগাঁৱত ক’ভিড-১৯ পজিটিভৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে।