নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিসর্গ ঘণ্টাত ১২০ কিঃমিঃ বেগেৰে খুন্দা মাৰিলে মুম্বাইত

নিয়মীয়া বার্তা, ৪ জুনঃ আৰব সাগৰত সৃষ্টি হোৱা ঘূর্ণি নিসর্গই বুধবাৰে মহাৰাষ্ট্রৰ উপকূলীয় মুম্বাইত খুন্দা মাৰে৷ ঘূর্ণি নিসর্গৰ ফলত মুম্বাইৰ আশে–পাশে প্রবল বৰষুণ হয়৷ তেনেদৰে ১২০ কিলোমিটাৰ বেগেৰে মুম্বাইত খুন্দা মৰা ঘূর্ণি নিসর্গই প্রকাণ্ড প্রকাণ্ড গছ উভালি পেলায়৷

বিদ্যুতৰ খুঁটা চূর্ণ–বিচূর্ণ কৰাত বিদ্যুৎ সংযোগ ব্যাহত হয়৷ আলিবাগত বিদ্যুতৰ খুঁটা উভালি পৰাত ৫৮ বছৰীয়া এগৰাকী লোকৰ মৃত্যু হয়৷ তেনেদৰে গছ–বিদ্যুতৰ খুঁটা বাগৰি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হয়৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা আগজাননীমর্মে সাৱধানতা অৱলম্বন কৰি হাই এলার্ট জাৰি কৰাৰ বাবে মুম্বাইত নিসর্গই বিশেষ ক্ষতি কৰিব নোৱাৰিলে৷ অৱশ্যে ধাৰণা কৰাতকৈ নিসর্গৰ গতিবেগ হ্রাস পাই দুর্বল হোৱাত সম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা পৰে অঞ্চল৷

লক্ষণীয় যে মুম্বাইৰ প্রান্তে প্রান্তে ২০তকৈ অধিক এন ডি আৰ এফৰ কোম্পানী মোতায়েন কৰা হৈছে৷ প্রবল বৰষুণ আৰু ঘূর্ণি বতাহৰ প্রতি লক্ষ্য ৰাখি মুম্বাইৰ বিমানসেৱা আজি সীমিত কৰা হয়৷ সন্ধিয়ালৈকে ৩১খন বিমানৰ উৰণ বাতিল কৰাৰ লগতে ৰে’ল সেৱাতো ৰে’লৰ পথ সলনি কৰে৷ উল্লেখ্য যে মহাৰাষ্ট্র আৰু গুজৰাটত সম্ভাব্য বিপদৰ প্রতি লক্ষ্য ৰাখি এন ডি আৰ এফৰ ৪৩টা কোম্পানী মোতায়েন কৰি কালিয়ে ক্ষতিগ্রস্ত হ’ব পৰা অঞ্চলৰ পৰা এক লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ বুধবাৰে দিনৰ ১২.৩০ বজাত আলিবাগত ঘূর্ণি নিসর্গই খুন্দিওৱাৰ পিছত ২.৩০ বজাত তাৰ গতি হ্রাস পাই প্রভাৱ নূন্যতম হৈ পৰে৷

You might also like