বিদেশত হ’ব আইপিএল !
নিয়মীয়া বাৰ্তা, ৫ জুনঃ মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে অনির্দিষ্টকাললৈ স্থগিত হোৱা আই পি এল যিকোনো প্রকাৰে আয়োজন কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷
বিশ্বৰ সবাতোকৈ ঐশ্বর্যশালী ক্রিকেট ব’ডখনে আই পি এল আয়োজনৰ সকলো সম্ভাৱনা সন্দর্ভত বিচাৰ–বিবেচনা অব্যাহত ৰাখিছে৷ ব’ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি প্রকাশ কৰা অনুসৰি বি চি চি আয়ে আনকি বিদেশত আই পি এল আয়োজনৰ কথাও চিন্তা–চর্চা কৰিছে৷ ‘ব’র্ডে এতিয়া সকলো বিকল্প পথ মুকলি ৰাখিছে৷ প্রয়োজন অনুসৰি যদি আই পি এল বিদেশত পাতিবলগীয়া হয়, তাৰ বাবেও সাজু আছে ব’ড৷ অৱশ্যে এয়া ব’ডৰ অন্তিম বিকল্প হ’ব৷’ ব’ডৰ সূত্রটোৱে এইদৰে কয়৷ অৱশ্যে ভাৰতত আই পি এল অনুষ্ঠিত কৰাটোৱে ব’ডৰ প্রথম পছন্দ বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷
অষ্ট্রেলিয়াত অহা ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ আয়োজন সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা হোৱাৰ পিছতে ব’র্ডে আই পি এলক লৈ পৰিকল্পনা ৰাজহুৱা কৰিব বুলি বি চি চি আইৰ সূত্রটোৱে ইংগিত দিছে৷ উল্লেখ্য যে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল চলিত বর্ষৰ ২৯ মার্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও সমগ্র বিশ্বত সৃষ্টি হোৱা মহামাৰীৰ আতংকৰ বাবে প্রতিযোগিতাখন অনির্দিষ্টকাললৈ পিছুৱাবলগীয়া হয়৷
ভাৰতত এইপর্যন্ত মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ নিয়ন্ত্রণলৈ নহাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে হয়তো তুলনামূলকভাৱে নিৰাপদ দেশত ছেপ্ঢেম্বৰ–ক্টোবৰৰ্ ভিতৰত আই পি এল আয়োজনৰ চিন্তা–চর্চা কৰিছে৷ কিন্তু এই সকলো কথা সম্ভৱ হ’ব টি–২০ বিশ্বকাপ বাতিল হ’লেহে৷ অহা ১০ জুনৰ ভিতৰত আই চি চিয়ে বিশ্বকাপ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰাৰ কথা৷ অৱশ্যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ক্রিকেট অষ্ট্রেলিয়া আৰু বি চি চি আয়ে আই পি এল আয়োজনৰ বাবে বুজাবুজি অনুসৰি সমাগত টি–২০ বিশ্বকাপ এবছৰৰ বাবে পিছুৱাই দিয়াৰ সিদ্ধান্তত উপনীত হৈছে৷