মহানগৰীত অব্যাহত নকল সোণৰ চোৰাং বেহা; নগদ ধনসহ আৰক্ষীৰ জালত চাৰি প্রৱঞ্চক
নিয়মীয়া বাৰ্তা, ৫ জুনঃ মহানগৰীত আৰক্ষীৰ চকুত ধূলি দি দুষ্ট চক্রই অব্যাহত ৰাখিছে নকল সোণৰ চোৰাং বেহা৷ বিগত সময়ছোৱাত মহানগৰীত বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে অভিযান চলাই নকল সোণসহ এই অবৈধ কাৰবাৰত জড়িত বহুকেইজন লোকক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰ পিছতো একাংশ লোকে মহানগৰীত নকল সোণৰ বেহা চলাই আছে৷ এইবাৰ মহানগৰীৰ লাখটকীয়াৰ নাৰায়ণ ধৰ নামৰ এজন সোণাৰিক নকল সোণ বিক্রী কৰি আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ প্রৱঞ্চক৷
পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া হেমেন দাসে সংবাদ মাধ্যমক জনোৱা মতে, যোৱা ২৭ মে’ত চাৰিজন লোকে ৫ টুকুৰা সোণ সোণাৰি নাৰায়ণ ধৰক ১০ লাখ টকাত বিক্রী কৰিছিল৷ পৰৱর্তী সময়ত সোণাৰি নাৰায়ণ ধৰে ক্রয় কৰা সোণখিনি নকল সোণ বুলি নিশ্চিত কৰে৷ এই সন্দর্ভত নাৰায়ণ ধৰে পাণবজাৰ থানাত এখন এজাহাৰ দাখিল কৰে৷
এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ ধাৰাত ২৭১/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ এই গোচৰটোৰ তদন্ত চলাই আৰক্ষীয়ে জালুকবাৰীৰ উত্তম হালধা (৩১), হোজাইৰ কালীনগৰৰ সুব্রত দাস (৪৫), মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবড়িৰ নচিব আহমেদ (৫৪) আৰু বামুণীমৈদামৰ পৰা প্রশান্ত দিহিঙীয়া (৫৮)ক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত লোককেইজনৰ পৰা এখন ফিয়েট, এখন ৱাগনাৰ আৰু এখন স্কুটী জব্দ কৰে৷ ভাৰপ্রাপ্ত বিষয়া হেমেন দাসে জনোৱা মতে, এই অবৈধ নকল সোণৰ চোৰাং কাৰবাৰত জড়িত লোককেইজনৰ পৰা সোণ বিক্রী কৰি নিয়া ৭.৩০ লাখ টকাও জব্দ কৰে৷ এই সমগ্র ঘটনাত আৰু এজন লোক জড়িত আছে৷ এই লোকজন বর্তমান পলাতক হৈ আছে৷ আৰক্ষীয়ে লোকজনৰ সন্ধানত অনুসন্ধান চলাই আছে৷