নিয়মীয়া বাৰ্তা ৫ জুনঃ প্ৰতিদিনে নগাওঁ জিলাত ক’ভিড-১৯ পজিটিভৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা লোকসকল ক্ৰমশঃ নগাওঁ জিলালৈ ঢাপলি মেলাত ক’ভিড-১৯ ৰ সংক্ৰমণে জিলাখনত ভয়াবহ ৰূপ ধাৰণ কৰিছে। যাৰ বাবে এতিয়া জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ শংকিত হোৱাৰ লগতে সচেতন মহলে চিন্তিত হৈ পৰিছে। নগাওঁ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি জিলাখনত আজি দিনটোত নতুনকৈ ১৪ জন লোক ক’ভিড-১৯ ত আক্রান্ত হৈছে। ইয়াকে লৈ আজিলৈকে নগাওঁ জিলাত ক’ভিড-১৯ ত পজিটিভৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি পালে। আজি নতুনকৈ ক’ভিড-১৯ পজিটিভ নিশ্চিত হোৱা লোকসকল হ’ল মহাৰাষ্ট্ৰৰ পৰা আহি কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কচুৱা হাতীগড়ৰ সত্যন্না বিশ্বাস(২৬), তৰুণ চৰকাৰ(২৪), বাবুল চৰকাৰ (২০), কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা ১ নং পুঠিমাৰীৰ বিচিত্ৰ দাস(২৬), বৰুণগুৰিৰ অজিত বিশ্বাস(২৬), কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা ২ নং খলিহামাৰীৰ মন্টুষ দাস(২৫), হোম কোৱাৰেণ্টাইনত থকা ১ নং পুঠিমাৰীৰ বিমল দাস(৩৮)। এই আটাইকেইজনৰ ঘৰৰ কচুৱা থানাৰ এলেকাধীন। হাৰিয়ানাৰ পৰা আহি জুৰিয়া কলেজত কোৱাৰেণ্টাইন হৈ থকা ৰূপহীৰ চলচলিৰ বিল্লালউদ্দিন(২০), ৰহা কলেজত কোৱাৰেণ্টাইন হৈ থকা কামপুৰ পূৱ গুইমাৰীৰ নয়ন মণি বৰুৱা(১৯), তেলেংগানাৰ পৰা আহি ধিং গাৰ্লছ হাই স্কুল হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা ধিং ধূপগুৰিৰ জীয়াউদ্দীন আহমেদ(২৩), আমলখিৰ মাজাৰুল ইছলাম(২৭)। তামিলনাডুৰ পৰা আহি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ কলেজত কোৱাৰেণ্টাইন হৈ থকা জুৰিয়া শিমলুআটীৰ মুক্তাৰ হুছেইন(২১), আৰু মোছাহিদুল ইছলাম(২২) আৰু উত্তৰ প্ৰদেশৰ পৰা আহি ৰহা কলেজত কোৱাৰেণ্টাইন হৈ থকা কামপুৰ কুম্ভীৰডুবিৰ ৰাফিল হুছেইন (২০)। বহিঃ ৰাজ্যৰ পৰা বিশেষকৈ মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডুত আৱদ্ধ হৈ থকা নগাঁৱৰ লোকসকল নিজ নিজ ঘৰলৈ অহাৰ পিছৰে পৰাই জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছে। এই লোকসকলৰ ভিতৰত বৰ্তমানলৈকে ৮৮ জনৰ ক’ভিড-১৯ সংক্ৰমণ হোৱাত জিলাখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইপিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হস্পিতালত ক’ৰোনাত আক্রান্ত লোকৰ বাবে বিছনাৰ অভাৱ হোৱাত আজি একাংশ ক’ৰোনাত আক্রান্ত লোকক উজৰাগাওঁ আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নগাওঁ ক’ভিড-১৯ হস্পিতালত ১১০ জন ক’ৰোনাত আক্রান্ত লোক চিকিৎসাধীন হৈ আছে। এই সকলৰ ভিতৰত নগাঁৱৰ লগতে হোজাই আৰু কাৰ্বি আংলঙৰ ক’ৰোনাত আক্ৰান্ত লোক ও আছে।