বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে হাৰিছিল টীম ইণ্ডিয়াই
তাৰকা অলৰাউণ্ডাৰ বেন ষ্টকছৰ গ্রন্থত বিস্ফোৰক অভিযোগ, মাইকেল হ’ল্ডিঙৰ বিৰোধিতা
নিয়মীয়া বাৰ্তা ৭ জুনঃ বিগত বর্ষৰ আই চি চি এদিনীয়া বিশ্বকাপৰ নকআউট পর্যায়ৰ পূর্বে এখন গুৰুত্বহীন মেচত ভাৰতে ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে পৰাজয়বৰণ কৰিছিল৷ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোক লৈ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী দলৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে৷ শেহতীয়াকৈ প্রকাশ হোৱা ষ্ট’কছৰ ‘অন ফায়াৰ’ শীর্ষক গ্রন্থখনত বিস্ফোৰক বেটছমেন আৰু বেগী বলাৰগৰাকীয়ে এই মেচখনত ভাৰতীয় দলৰ জয়ৰ আগ্রহৰ ওপৰত প্রশ্ণ উত্থাপন কৰিছে৷ তেওঁ কৈছে যে ভাৰতে মেচখনত জয়ৰ সুযোগ থকা সত্ত্বেও ধোনীয়ে বৃহৎ শ্বট খেলাৰ পৰা বিৰত আছিল৷ হয়তো পাকিস্তানক বিশ্বৰ পৰা বিদায় দিয়াৰ লক্ষ্যৰে ভাৰতে মেচখনত পৰাজয়বৰণ কৰাৰ সিদ্ধান্ত লৈছিল৷ ইফালে, ৱেষ্ট ইণ্ডিজৰ প্রাক্তন বেগী বলাৰ মাইকেল হ’ল্ডিঙে মহেন্দ্র সিং ধোনীৰ পক্ষত থিয় দি কৈছে যে টীম ইণ্ডিয়াই মেচখনত জয়ৰ লক্ষ্যৰে খেলিছিল যদিও ইংলেণ্ডে অধিক ভাল খেলাত ভাৰতৰ বাবে জয় সম্ভৱ হৈ নুঠিল৷