নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাক্ষাৎকাৰ অবিহনে পৰিবহণ বিভাগত দিলে ২৯জনক নিযুক্তি

হাগ্রামাসহ বিষয়াৰবিৰুদ্ধে এজাহাৰঃ গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ৮ জুনঃ নির্বাচনৰ লগে লগে যেন বিপদো চমু চাপি আহিছে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ৷ এহাতে নির্বাচনকেন্দ্রিক দুশ্চিন্তা, আনহাতে এটাৰ পাছত আন এটা দুর্নীতিৰ অভিযোগে জর্জৰিত কৰিছে প্রতাপী জনজাতীয় নেতাগৰাকীক৷ বিটিচিত বি পি এফৰ শাসনৰ যৱনিকা পৰাৰ লগে লগে হাগ্রামা মহিলাৰীৰ সন্মুখৰ পথো কণ্টকময় হৈ পৰিছে৷ শেহতীয়াকৈ বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে দুর্নীতিৰ গোচৰ৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলৰ এজাহাৰৰ ভিত্তিতে কোকৰাঝাৰ থানাত হাগ্রামা মহিলাৰীসহ তেওঁৰ কেইবাগৰাকীও সতীর্থ আৰু বিষয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৬/৪২০/৪০৯ ধাৰাৰ অধীনত ২৯২/২০২০নং গোচৰটো ৰুজু কৰা হৈছে৷ কোকৰাঝাৰ থানাত ৰুজু হোৱা এই গোচৰৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হৈছে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাক৷ উল্লেখ্য যে বি পি এফৰ শাসনকালত বিটিচিৰ পৰিবহণ বিভাগত এক গুৰুতৰ নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ইউ পি পি এল দলে৷ অভিযোগ অনুসৰি বিটিচিৰ পৰিবহণ বিভাগৰ যুটীয়া আয়ুক্ত অনিল চন্দ্র দেউৰীয়ে যোৱা ৫ মার্চত সকলো বিভাগীয় নীতি–নিয়ম উলংঘাৰে ৮গৰাকী সহকাৰী এনফ’চমেণ্ট ইন্সপেক্টৰ নিযুক্তি দিছিল৷ এই নিযুক্তিৰ বাবে সাক্ষাৎকাৰ দূৰৈৰ কথা, বিজ্ঞাপনো প্রকাশ কৰা হোৱা নাছিল৷ একমাত্র বিটিচিৰ পৰিবহণ বিভাগৰ কার্যবাহী সদস্য জগদীশ সৰকাৰ আৰু বিভাগটোৰ সচিবগৰাকীৰ নির্দেশতে এই অবৈধ নিযুক্তি সম্পন্ন হৈছিল৷ একেদৰেই পৰিবহণ বিভাগত আন ২১জন এনফ’চমেণ্ট ইন্সপেক্টৰৰ নিযুক্তিও অবৈধ পথেৰেই দিয়া হৈছিল৷ এই নিযুক্তিৰ বিপৰীতেও অনুষ্ঠিত হোৱা নাছিল কোনো সাক্ষাৎকাৰ৷ আনকি পৰিবহণ বিভাগৰ এই নিযুক্তিৰ ক্ষেত্রত চেণ্ড্রেল ছিলেকচন ব’ডৰ কোনো অনুমোদনো লোৱা হোৱা নাছিল৷ ব’ডৰ অধ্যক্ষ ৰাজেন্দ্রনাথ ব্রহ্মক পৰিবহণ বিভাগৰ ২৯টা পদৰ নিযুক্তিৰ বিষয়ে সম্পূর্ণ অন্ধকাৰত ৰখা হৈছিল বুলি তেওঁ ইতিমধ্যে ৰাজহুৱাকৈ স্বীকাৰ কৰিছে৷ কেৱল সেয়াই নহয়, ২০০৫ চনৰ পৰাই বিটিচিৰ গড়কাপ্ঢানী, বন, স্বাস্থ্য, শিক্ষা, যোগান, ৰাজহ, কৃষি, পশুপালন আদি বিভাগৰ লগতে বিটিচি সচিবালয়তো অনেক অবৈধ নিযুক্তি সম্পন্ন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ইউ পি পি এল দলে৷ এই অভিযোগসমূহক লৈয়ে কালি কোকৰাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰে দলটোৰ কেন্দ্রীয় কার্যনির্বাহক সমিতিৰ সদস্য ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেছে৷ ইউ পি পি এলৰ কেন্দ্রীয় তথ্য–প্রযুক্তি বিভাগৰ সাধাৰণ সম্পাদক কামাল আজাদৰ লগতে আন দুগৰাকী সদস্যৰ উপস্থিতিত দাখিল কৰা এজাহাৰত বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী হাগ্রামা মহিলাৰী, পৰিবহণ বিভাগৰ দায়িত্বত থকা প্রাক্তন কার্যবাহী সদস্য জগদীশ সৰকাৰ, বিভাগটোৰ যুটীয়া আয়ুক্ত অনিল চন্দ্র দেউৰী, সংশ্লিষ্ট সকলো বিভাগৰ কার্যবাহী সদস্য, অতিৰিক্ত প্রধান সচিব, যুটীয়া সচিব, সঞ্চালক, সহঃ সঞ্চালক, যুটীয়া সঞ্চালক আৰু দুর্নীতিৰ জৰিয়তে নিযুক্তিপ্রাপ্ত কর্মচাৰীক প্রধান অভিযুক্ত হিচাপে উল্লেখ কৰা হয়৷ এই এজাহাৰৰ ভিত্তিতে কোকৰাঝাৰ থানাত ৰুজু কৰা হয় ২৯২/২০২০নং গোচৰটো৷ স্বাভাৱিকতে নির্বাচনৰ প্রাকমুহূর্তত এই অভিযোগে হাগ্রামা মহিলাৰীৰ বিপদ ঘনীভূত কৰি তুলিছে৷

You might also like