নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাৱর্তনৰ বাবে চাৰি সপ্তাহৰ প্রয়োজন হ’ব খেলুৱৈকঃ কার্তিক

নিয়মীয়া বাৰ্তা ৮ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি সম্পূর্ণৰূপে বন্ধ হৈ আছে ক্রিকেট প্রতিযোগিতাসমূহ৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবে সম্প্রতি ভাৰতীয় ক্রিকেটাৰে অনুশীলন কৰাৰ পৰাও বঞ্চিত হৈ আছে৷ এনে পৰিস্থিতিত ক্রিকেটলৈ প্রত্যাৱর্তন কৰাৰ বাবে খেলুৱৈসকলে নিজকে প্রতিযোগিতাসমূহৰ বাবে সুস্থ কৰি তোলাৰ বাবে অতি কমেও চাৰি সপ্তাহৰ প্রয়োজন হ’ব বুলি মন্তব্য কৰিছে ভাৰতীয় দলটোৰ উইকেটকীপাৰ বেটছমেন দীনেশ কার্তিকে৷ ই এছ পি এন ক্রিকইনফ’ৰে হোৱা বার্তালাপত দীনেশ কার্তিকে কয় যে ক্রিকেট প্রতিযোগিতাসমূহ আৰম্ভ হোৱাৰ লগে লগে খেলুৱৈসকল কিছু সমস্যাত পৰিব৷ কিয়নো প্রায় তিনি মাহ ধৰি ক্রিকেটাৰসকলে অনুশীলন কৰাৰ পৰা বঞ্চিত হৈ আছে৷ গতিকে প্রতিযোগিতাসমূহ আৰম্ভ হোৱাৰ চাৰি মাহ পূর্বৰ পৰাই খেলুৱৈসকলে প্রস্তুতি চলাব লাগিব বুলি দীনেশ কার্তিকে লগতে কয়৷ অনুশীলন আৰম্ভ কৰাৰ পাছত ক্রিকেটাৰসকলে লাহে লাহে আগবাঢ়ি যাব লাগিব৷ মন কৰিবলগীয়া যে দীনেশ কার্তিকৰ পূর্বে ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা অ’পেনিং বেটছমেন ৰোহিত শর্মায়ো ক্রিকেট প্রতিযোগিতাসমূহ আৰম্ভ হোৱাৰ পূর্বে খেলুৱৈসকলক অতি কমেও এমাহ সময় দিয়াৰ প্রয়োজন বুলি মন্তব্য কৰিছিল৷ সম্প্রতি দেশত ক’ৰোনাৰ আতংকৰ বাবে ভাৰতীয় দলটোৰ ক্রিকেটাৰসকলে নিজকে সুস্থ ৰখাৰ বাবে ঘৰতে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷

You might also like