নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও যুৱ ছাত্ৰ সমাজে আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাৰ বঁটা প্ৰদান

বিজয়ী সকলোৰ ঘৰে ঘৰে গৈ প্ৰদান কৰিলে বিশেষ বঁটা

নিয়মীয়া বাৰ্তা ৮ জুনঃ ছয়গাঁও যুৱ ছাত্ৰ সমাজৰ অভিনৱ পদক্ষেপ। দেশজুৰি অব্যাহত থকা দীঘলীয়া লকডাউনৰ মাজতে ছয়গাঁৱৰ সামাজিক অনুষ্ঠান “ছয়গাঁও যুৱ ছাত্ৰ সমাজে বৌদ্ধিক বিকাশৰ বাবে ” ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰিছিল এক সাহিত্য প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল বৃহত্বৰ ছয়গাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে। প্ৰতিযোগিতাত অংশ লোৱা প্ৰায় শতাধীক ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা অভিজ্ঞ বিচাৰকে প্ৰবন্ধ প্ৰতিযোগিতাৰ দুগৰাকী ক্ৰমে প্ৰথম – নিহাৰিকা দাস, দ্বিতীয়- মৌচুমি তালুকদাৰ আৰু কবিতাৰ পৰা তিনিগৰাকী ক্ৰমে প্ৰথম- ধৃতিমনি গোস্বামী, দ্বিতীয় গংগোত্ৰী কলিতা আৰু মহম্মদ নেকিব আহমেদক বিচাৰকৰ বিশেষ বঁটাৰে বিজয়ী ৰূপে নিৰ্বাচিত কৰি উলিয়াই আৰু সেই অনুসৰিয়ে যোৱা কালি লকডাউনৰ বাবে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি স্থান প্ৰাপ্ত সকলোৰ ঘৰে ঘৰে গৈ যুৱ ছাত্ৰ সমাজৰ প্ৰতিনিধীয়ে বঁটা আৰু প্ৰমাণ পত্ৰ হাতে হাতে তুলি দিয়ে।
উল্লেখযোগ্য যে- যুৱ ছাত্ৰ সমাজক এই অনুষ্ঠানতো সফল কৰাত বিশেষ ভাবে সহায় কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যপক উপেন ডেকা, সমাজ কৰ্মী নিদৰ্শন হুজুৰী সহিতে লেখক চিন্ময় কলিতা, অধ্যাপক ফনিন্দ্ৰ কলিতা, শিক্ষক কল্পজ্যোতি কলিতা, শিক্ষক জোনমনি দাস,উদ্ধৱ কলিতা আদি ব্যক্তিয়ে । অন্যহাতে, এই অনুষ্ঠানতোত সহায় সহযোগিতা আৰু দিহা- পৰামৰ্শ আগবঢ়োৱা সমূহ ছাত্ৰ-ছাত্ৰী আৰু ছয়গাঁও বাসী ৰাইজক “ছয়গাঁও যুৱ ছাত্ৰ সমাজ”ৰ সম্পাদক নৱ কলিতাই সংবাদ মাধ্যমৰ জড়িয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অগ্ৰণী সামাজিক অনুষ্ঠান ছয়গাঁও যুৱ ছাত্ৰ সমাজৰ এই ইতিবাচক পদক্ষেপক এতিয়া অঞ্চল বাসী ৰাইজে সলাগ লৈছে।

You might also like