নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাধুনিক মাৰণাস্ত্র–যুদ্ধ বাহনেৰে চীনা সেনাৰ সমৰসজ্জা

নিয়মীয়া বাৰ্তা ৯ জুনঃ লাডাখ সীমান্তৰ প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি)ৰ সমীপত ভাৰত আৰু চীনৰ সেনাৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আলোচনাৰ মাজেৰে প্রশমিত কৰিবলৈ দুয়োখন দেশৰ শীর্ষ সেনা বিষয়াসকল কেইবালানিও বৈঠকত মিলিত হোৱাৰ সময়তে চীনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰিছে এক চাঞ্চল্যকৰ খবৰ৷ দেশখনৰ গ্ল’বেল টাইমছ কাকতৰ উপৰি চৰকাৰী টেলিভিছন চিচি টিভিয়ে  প্রকাশ কৰিছে যে কেইবাহাজাৰো প্রেৰাট্রুপাৰ সৈনিক আৰু সশস্ত্র বাহনে শেহতীয়াকৈ এক গুৰুত্বপূর্ণ সমৰ অনুশীলনত অংশগ্রহণ কৰিছে৷ চীনৰ সংবাদ মাধ্যমে এই বৃহৎ সামৰিক অনুশীলনৰ স্থান সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই যদিও ভাৰতৰ বাবে এয়া এক আশংকাৰ বার্তা হিচাপে চিহ্ণিত হৈছে৷ কাৰণ মাত্র কেইদিনমান পূর্বে ভাৰতীয় সামৰিক বিশেষজ্ঞই সীমান্ত অঞ্চলত চীনে সামৰিক কাম–কাজ ক্ষিপ্রতৰ কৰাৰ তথ্য সদৰী কৰিছিল উপগ্রহ ছবি বিশ্লেষণৰ জৰিয়তে৷ আনকি সীমান্তৰ সমীপলৈ বিমানঘাটি সম্প্রসাৰণ কৰাৰ উপৰি কেইবাখনো যুদ্ধ বিমান সাজু কৰাৰ তথ্যও প্রতিৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰিছিল৷ এই তথ্য সদৰী হোৱাৰ সময়তে পূব লাডাখত ভাৰত আৰু চীনৰ সেনাৰ মাজত বৃদ্ধি পাইছিল উত্তেজনা৷ চীনৰ পিপ’লছ লিবাৰেচন আর্মী (পিএলএ)ৰ তৰফৰ পৰা কেইবাহাজাৰো পেৰাট্রুপাৰ সৈনিক আৰু সশস্ত্র বাহনৰ জৰিয়তে দেশখনৰ এক মধ্যৱর্তী প্রদেশৰ পৰা সীমান্ত অঞ্চললৈ এই সামৰিক অনুশীলন চলোৱা বুলি ঘোষণা কৰিছে গ্ল’বেল টাইমছে৷ এলএচিত ভাৰতৰ সৈতে চলি থকা উত্তেজনাৰ সময়তে চীনৰ এই সামৰিক গতিবিধি আৰু সমৰ অনুশীলনৰ তথ্য সংবাদ মাধ্যমে সদৰী কৰাৰ লগে লগে প্রতিবেশী কেইবাখনো ৰাষ্ট্রই উদ্বেগ প্রকাশ কৰিছে৷
স্মর্তব্য যে বেইজিং প্রশাসনে সঘনে ভাৰতৰ সৈতে সীমান্তত শান্তি আৰু সুস্থিৰতা অব্যাহত ৰখাৰ কথা সদৰী কৰি আছে যদিও শেহতীয়া সেনা বিষয়া পর্যায়ৰ আলোচনাত কোনোধৰণৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱা নাই৷ অৱশ্যে নিষ্ফল এই আলোচনাৰ মাজতে আগন্তুক দিনলৈ উভয় দেশৰ সেনাই সঘন বৈঠকত মিলিত হ’ব বুলি ইতিবাচক মত পোষণ কৰিছে৷ লাডাখ সীমান্তৰ চীনা অঞ্চল মলডোত কালি ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিং আৰু দক্ষিণ ঝিনজিয়াং সামৰিক অঞ্চলৰ বিষয়া মেজৰ জেনেৰেল লিউ লিনৰ নেতৃত্বত উভয় দেশৰ সেনাৰ মাজত অনুষ্ঠিত হৈছিল আলোচনা৷ এই আলোচনাত দুয়োখন দেশৰ বাহিনীয়ে সীমান্তৰ উত্তেজনা শান্তিপূর্ণভাৱে সমাধানৰ পোষকতা কৰিছিল যদিও কোনোধৰণৰ সিদ্ধান্ত অবিহনেই ইয়াৰ অন্ত পৰিছিল৷ আলোচনাৰ এদিন পাছতেই চীনৰ সংবাদ মাধ্যমে বৃহৎ সমৰ অনুশীলন চলাৰ তথ্য সদৰী কৰাৰ লগে লগে বেইজিং প্রশাসনৰ দুমুখীয়া স্থিতি স্পষ্ট হৈছে৷ এফালে ভাৰত–চীনৰ সীমান্তৰ উত্তেজনা ড্রেগন আৰু হাতীৰ নাচোন বুলি চীনা কূটনীতিকে অভিহিত কৰি বিশ্ববাসীক প্রতিবেশী ৰাষ্ট্র দুখনৰ মাজৰ পৰিস্থিতি স্বাভাৱিক বুলি পতিয়ন নিয়াব বিচাৰিলে, আনফালে একে সময়তে সীমান্ত অঞ্চললৈকে বৃহৎ সমৰ অনুশীলন চলোৱা বুলি দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে তথ্য সদৰী কৰিছে৷ গতিকে সমগ্র বিষয়টোক লৈ সৃষ্টি হৈছে সন্দেহ তথা আশংকা৷ গ্ল’বেল টাইমছৰ প্রতিবেদন অনুসৰি মধ্য চীনৰ হুবেই প্রদেশৰ পৰা অসামৰিক উৰণ সংস্থাৰ বিমান তথা বিভিন্ন পৰিবহণ চেনেল আৰু ৰে’লেৰে সশস্ত্র বাহন কঢ়িয়াই পূর্বোত্তৰ চীনৰ অপ্রকাশিত এক স্থানত বৃহৎ অনুশীলন চলাইছিল পিএলএই৷ লক্ষণীয়ভাৱে সামৰিক বিমানৰ পৰা পেৰাছ্যুটেৰে কেইবাহাজাৰ সৈনিকে অনুশীলন চলাইছিল বুলিও প্রতিবেদনত প্রকাশ পাইছে৷ অৱশ্যে মাত্র কেইঘণ্টামানৰ ভিতৰতে এই বৃহৎ সামৰিক অনুশীলনৰ সফলতাৰে অন্ত পেলোৱা হয় বুলি ‘চাইনা মিলিটাৰী’ নামৰ সামৰিক বিভাগৰ টেবলয়ডখনে প্রকাশ কৰিছে৷ তাৎক্ষণিকভাৱে চীনৰ সংবাদ মাধ্যমে এই প্রতিবেদন প্রকাশ কৰাৰ পাছত বিষয়টোক লৈ ভাৰতে উদ্বেগ প্রকাশ কৰিছে যদিও আনুষ্ঠানিকভাৱে কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাই৷

You might also like