নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ সন্দর্ভত আজি চূড়ান্ত সিদ্ধান্ত ল’ব আইচিচিয়ে

নিয়মীয়া বাৰ্তা  ১০ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে অষ্ট্রেলিয়াত অক্টোবৰ–নৱেম্বৰত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷ প্রতিযোগিতাখন নির্ধাৰিত সূচীমতে আয়োজন হ’বনে নহয় তাক লৈ প্রশ্ণ উত্থাপন হৈছে যদিও টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত কাইলৈ চূড়ান্ত সিদ্ধান্ত হ’ব৷ টি–২০ বিশ্বকাপখন আয়োজনৰ লগতে অন্যান্য বিষয়ৰ সন্দর্ভত কাইলৈ বৈঠকত মিলিত হ’ব বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিআই৷ অষ্ট্রেলিয়াত হ’বলগীয়া বিশ্বকাপখনৰ সন্দর্ভত যোৱা মাহত আইচিচিয়ে ভিডিঅ কনফাৰেন্সৰ যোগেদি এক বৈঠকত মিলিত হৈছিল যদিও বৈঠকখনত চূড়ান্ত সিদ্ধান্ত নহ’ল৷ ইপিনে, টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত আইচিচিয়ে শীঘ্রে চূড়ান্ত সিদ্ধান্ত লোৱাটো বিচাৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ টি–২০ বিশ্বকাপখন আয়োজনক লৈ দোমোজা সৃষ্টি হোৱাত বিচিচিআয়ে ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজনক লৈও অনিশ্চয়তা পৰিছে৷ গতিকে টি–২০ বিশ্বকাপখন সন্দর্ভত আইচিচিয়ে শুনানি গ্রহণ কৰাৰ পাছত আইপিএল সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব পাৰিব বুলি আশাবাদী ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে আইপিএলখনক লৈও অনিশ্চয়তা আহি পৰিছে৷

You might also like