মহানগৰীত ক’ৰোনাৰ ১২-১৩টা সামাজিক সংক্ৰমণৰ ঘটনা
নিয়মীয়া বাৰ্তা, ১০ জুনঃ মহানগৰীত ১২-১৩টা সামাজিক সংক্ৰমণৰ ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অনাগত দিনবোৰত আমি অতি সাৱধানতাৰে আগবাঢ়িব লাগিব। আগতকৈ নিজকে অধিক সাজু কৰি ৰাখিব লাগিব।
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ ঘটনা। সামাজিক সংক্ৰমণ হ’লে অধিক ভয়াৱহ হ’ব ৰাজ্যৰ পৰিস্থিতি। ইতিমধ্যে GMCHৰ শীৰ্ষমহলত সালসলনি কৰা হৈছে। জাগীৰোডত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।