নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন নামভর্তি প্রতিখন কলেজ বিদ্যালয়ক প’র্টেল মুকলিৰ নির্দেশ

নিয়মীয়া বাৰ্তা ১২ জুনঃ ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিত স্থবিৰ হৈ পৰা শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ লক্ষ্যৰে শিক্ষা বিভাগে চলিত বর্ষত অনলাইনযোগে ছাত্র–ছাত্রীৰ নামভর্তি কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে৷ এই সন্দর্ভত ইতিমধ্যে যাৱতীয় নির্দেশনা প্রেৰণ কৰাৰ পাছতেই আজি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষা বিভাগৰ প্রধান সচিবৰ লগতে বিভাগীয় মুৰব্বী বিষয়া আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকত বিনামূলীয়াকৈ হ’বলগা অনলাইন নামভর্তি সন্দর্ভত বিস্তৃত আলোচনা কৰাৰ লগতে মহাবিদ্যালয়সমূহক্ অনতিপলমে ইয়াৰ বাবে পর্টেল মুকলি কৰিবলৈ নির্দেশ জাৰি কৰে৷ উল্লেখ্য যে চলিত বর্ষত নামভর্তি বিনামূলীয়া কৰাৰ লগতে অনলাইন নামভর্তিৰ সিদ্ধান্ত গ্রহণ কৰিছিল শিক্ষা বিভাগে৷ ছাত্র–ছাত্রীৰ পৰা প্র–পত্র আৰু প্রছপেক্টাছৰ মূল্য নল’বলৈও শিক্ষানুষ্ঠানসমূহক নির্দেশ দিয়া হৈছে৷ সেই অনুসৰিয়েই ১৫ জুনৰ ভিতৰত নামভর্তি প্রক্রিয়া আৰম্ভ কৰাৰ বাবে শিক্ষানুষ্ঠানসমূহক অন্বেষণ নামৰ এক ৱেব প’র্টেল মুকলি কৰাৰ বাবে শিক্ষা বিভাগে নির্দেশনা প্রকাশ কৰিছে৷ বৃহস্পতিবাৰে শিক্ষামন্ত্রীয়ে অনুষ্ঠিত কৰা বৈঠকত শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষসকলক এই প্রক্রিয়া সুচলভাৱে আগুৱাই নিয়াৰ বাবে যাৱতীয় নির্দেশনা দিয়াৰ লগতে অনলাইন প্রক্রিয়াত যাতে কোনো কাৰিকৰী সমস্যা অথবা বেমেজালিৰ সৃষ্টি নহয়, সেই সম্পর্কে আগতীয়াকৈ নির্দেশ প্রদান কৰা হয়৷ উল্লেখ্য যে কালি এই সন্দর্ভত এ এইচ ই ৬৩৯/২০১৮/১৭ নং এক পত্রযোগে বিভাগীয় আয়ুক্ত সচিব প্রীতম শইকীয়াই স্পষ্ট কৰি দিছে যে এই অনলাইন নামভর্তি প্রক্রিয়াত কোনোধৰণৰ সাক্ষাৎকাৰ অথবা তথ্যপাতি পৰীক্ষা কৰা নহ’ব৷ ছাত্র–ছাত্রীসকলে মাত্র তেওঁলোকৰ মার্কশ্বীট, প্রমাণ–পত্র আৰু যাৱতীয় নথি–পত্রসমূহ স্কেন কৰি নির্দিষ্ট প’র্টেলত আপলোড কৰি নামভর্তিৰ বাবে আবেদন কৰিব৷ এই নথি–পত্রসমূহ শিক্ষানুষ্ঠানসমূহে পৰীক্ষা কৰি নামভর্তিৰ প্রক্রিয়া সম্পন্ন কৰিব৷ নির্দেশনাটোত ইয়াকো স্পষ্ট কৰি দিয়া হৈছে যে নামভর্তিৰ আবেদনৰ লগতে ছাত্র–ছাত্রীসকলে নিজৰ মোবাইল ফোন নম্বৰ, বেংক একাউণ্ট নম্বৰ, আই এফ এছ চি কোড, বেংকৰ নাম আৰু শাখা উল্লেখ কৰিব লাগিব৷ বেংকৰ একাউণ্ট নম্বৰসমূহৰ জৰিয়তে ছাত্র–ছাত্রীক চৰকাৰী জলপানি প্রদান আৰু হোষ্টেল মাচুলৰ বাবদ চৰকাৰে আদায় দিব লগা ধন প্রদান কৰা হ’ব৷ মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি এইবাৰ উচ্চতৰ মাধ্যমিকৰ নামভর্তি প্রক্রিয়া অনলাইন প্রক্রিয়াৰে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে শিক্ষা বিভাগে৷ সেই অনুসৰিয়েই ৰাজ্যৰ সকলো কলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নামভর্তি প্রক্রিয়া অনলাইনৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে অন্বেষণ নামৰ এটা পর্টেলৰ ব্যৱস্থা কৰা হৈছে৷ বিশেষকৈ একাদশ শ্রেণীৰ বাবে ছাত্র–ছাত্রীয়ে এই প’র্টেলৰ জৰিয়তে নামভর্তিৰ প্র–পত্র পূৰণ কৰিব পাৰিব৷ আনহাতে, প্রতিখন শিক্ষানুষ্ঠানে নামভর্তিৰ প্রক্রিয়া অনলাইনযোগে কৰাৰ বাবে ছেবাৰ অফিচিয়েল ৱেবছাইটhttps://sebaonline.org লগ–ইন কৰিব লাগিব৷ ছাত্র–ছাত্রীসকলে প্র–পত্রসমূহ পূৰণ কৰাৰ পাছতেই ছেবাই ৩০ জুনত প’র্টেলটো বন্ধ কৰি দিব৷ আনহাতে, ১ জুলাইত ছেবাৰ ৱেবছাইটত শিক্ষানুষ্ঠান অনুসৰি প্রকাশ হ’ব নামভর্তিৰ তালিকা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি শিক্ষানুষ্ঠান অনুসৰি নামভর্তিৰ তালিকা প্রকাশ পাব৷ অৱশ্যে সকলো প্রক্রিয়া সুচল কৰাৰ বাবে অচিৰেই আন এলানি নির্দেশনা মাধ্যমিক শিক্ষা বিভাগে প্রকাশ কৰিব৷ স্মর্তব্য যে ৰাজ্য চৰকাৰে এইবাৰ বিশ্ববিদ্যালয়, চৰকাৰী তথা প্রাদেশীকৃত মহাবিদ্যালয়, শিক্ষা সঞ্চালকৰ শিক্ষানুষ্ঠানসমূহ, অভিযন্তা, পলিটেকনিক আদি সকলো শিক্ষানুষ্ঠানৰে নামভর্তি বিনামূলীয়া হ’ব বুলি ঘোষণা কৰিছিল৷ আজি বৈঠকত এইক্ষেত্রত শিক্ষানুষ্ঠানসমূহে কিধৰণে আগবাঢ়িব সেই সম্পর্কে অধ্যক্ষসকলক সবিশেষ ব্যাখ্যা কৰে শিক্ষামন্ত্রী আৰু বিভাগীয় মুৰব্বী বিষয়াসকলে৷

You might also like