হামিদৰ ডিচার্জ লেটাৰ লৈ হাস্পতালৰ পৰা পলাল পজিটিভ হানিফ
নিয়মীয়া বাৰ্তা ১২ জুনঃ মঙলদৈ ক’ভিড চিকিৎসালয়ৰ পৰা বুধবাৰে সন্ধিয়া অব্যাহতি দিয়া ১৪জনৰ মাজতে এজন ক’ভিড আক্রান্ত যুৱকে চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ ঘটনাই সর্বত্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এই সন্দর্ভত দৰং জিলা প্রশাসনে এক দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ দৰঙৰ ক’ভিড আক্রান্ত ১৪জন লোককবুধবাৰে মঙলদৈ ক’ভিড চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল৷ অব্যাহতি দিয়াসকল হ’ল খাৰুপেটীয়া আৰিমাৰীৰ আমিৰুল ইছলাম (১৭), ৩নং বৰুৱাঝাৰৰ নজৰুল ইছলাম (২১), আটাকাটাৰ শ্বেখ ফৰিদ (২৫), লালপুলৰ চিকন্দৰ আলী (২১), ৩নং চিকনমাটিৰ বাৰেক আলী (২৮), ধূলা গৰাপৰিৰ লোকমান হাকিম (২০), দলগাঁও বডিগাঁৱৰ চাজিকুল হক (২২), ছিপাঝাৰ শান্তিপুখুৰীৰ হিমাংশু শর্মা (২৯), ৩নং আৰিমাৰীৰ ৰফিকুল ইছলাম (৪০), দলগাঁও বৰগুলিৰ ছহিদুল হক (১৯), ছিপাঝাৰ গোমঠাপাৰাৰ দয়াৰাম দাস (৪৯), খাৰুপেটীয়া মণ্ডলপাৰাৰ ওচমান গণি, নামখলা আঠিয়াবাৰীৰ ৰূপম বর্মন (২০) আৰু দলগাঁৱৰ হামিদ আলী (২২)৷ পিছে চিকিৎসালয়খনৰ পৰা হানিফ আলী নামৰ ক’ৰোনা আক্রান্ত ৰোগীজনে হামিদৰ ডিচার্জ লেটাৰখন লৈ আৰোগ্য লাভ কৰাসকলৰ লগত এক বিশেষ অনুষ্ঠানত অংশ লয় আৰু তাৰ পৰাই পলায়ন কৰে৷ সম্প্রতি প্রশ্ন উঠিছে যিখন মঙলদৈ অসামৰিক চিকিৎসালয়ত স্বয়ং কেঁচুৱা সলনি হয়, তাত ক’ভিড ৰোগী পলায়ন বা সলনি কোনো আচৰিত বিষয় নহয় যদিও চিকিৎসালয়খনৰ পৰা হানিফ আলী নামৰ শিয়ালমাৰীৰ ক’ভিড ৰোগীজনে ঘৰলৈ যাবলৈ অনুমতি পালে কেনেকৈ? কি পৰিস্থিতিত ২১ বছৰীয়া এই যুৱকজনক চিকিৎসালয়খনৰ পৰা মুকলি কৰি ঘৰলৈ যাবলৈ দিয়া হ’ল, এই সম্পূর্ণ বিষয়টো অনুসন্ধান কৰিবলৈ অতিৰিক্ত জিলা দণ্ডাধীশ কল্পনা ডেকাক দায়িত্ব অর্পণ কৰি ৩ দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷ যুৱকজনৰ দ্বিতীয়টো শ্লেষৰ নমুনাৰ ফলাফল এতিয়াও ওলোৱা নাই৷ ইপিনে হানিফ আলীক আৰক্ষীয়ে ধৰি আনি পুনৰ ক’ভিড চিকিৎসালয়ত ভর্তি কৰিছে৷ তদুপৰি তেওঁৰ ঘৰখন হোম কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷