মাছ–মাংস–পাচলি ব্যৱসায়ীয়ে ল’ব লাগিব অনুজ্ঞাপত্র
মহানগৰীত ব্যৱসায়ৰ বাবে ট্রেড লাইচেঞ্চ বাধ্যতামূলক
নিয়মীয়া বাৰ্তা, ১২ জুনঃ গুৱাহাটী মহানগৰীত ব্যৱসায় কৰিবলৈ ট্রেড লাইচেঞ্চ লোৱাটো বাধ্যতামূলক৷ শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক নির্দেশযোগে মহানগৰীত ব্যৱসায় কৰা সকলো ব্যৱসায়ীক ট্রেড লাইচেঞ্চ ল’বলৈ নির্দেশ জাৰি কৰিছে৷
লকডাউন–৪ত কেন্দ্রীয় চৰকাৰৰ নির্দেশমর্মে বজাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ বাবে জিলা প্রশাসনে অস্থায়ীভাৱে কিছুদিনৰ কাৰণে অনুমতি প্রদান কৰিছিল৷ যোৱা ৯ জুনৰ পৰা জিলা উপায়ুক্তই পূর্বতে অনুমতি দিয়া ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ লাইচেঞ্চ বাতিল কৰাৰ নির্দেশ জাৰি কৰে৷ গুৱাহাটী মহানগৰীত ব্যৱসায়–বাণিজ্য কৰিবলৈ প্রতিখন ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকীয়ে গুৱাহাটী পৌৰ নিগমৰ পৰা ব্যৱসায়িক অনুজ্ঞাপত্র উলিয়াব লাগিব৷ হাঁহ–কুকুৰাৰ ব্যৱসায়ী, ছাগলীৰ মাংস ব্যৱসায়ী, মাছ ব্যৱসায়ী, শাক–পাচলিৰ ব্যৱসায়ী, ফলমূলৰ ব্যৱসায়ীয়েও ট্রেড লাইচেঞ্চ উলিয়াব লাগিব৷
ইয়াৰ উপৰি মহানগৰীৰ বিভিন্ন স্থানত মোবাইল ভানেৰে ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলেও ট্রেড লাইচেঞ্চ উলিয়াব লাগিব৷ ট্রেড লাইচেঞ্চ অবিহনে মহানগৰীত ব্যৱসায় চলাই থকা ব্যৱসায়ীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি নির্দেশটোত উল্লেখ কৰা হৈছে৷
গুৱাহাটী মহানগৰীত ট্রেড লাইচেঞ্চ অবিহনে হাজাৰ হাজাৰ ব্যৱসায়ীয়ে ব্যৱসায় চলাই আহিছে৷ ফলত গুৱাহাটী পৌৰ নিগমে এক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ বিশেষকৈ শাক–পাচলিৰ ব্যৱসায়ীসকলে ট্রেড লাইচেঞ্চ অবিহনে বছৰৰ পাছত বছৰ ধৰি বিভিন্ন স্থানত ব্যৱসায় চলাই আহিছে৷
কালিৰে পৰা এই নির্দেশ কার্যকৰী কৰাৰ পাছতে ট্রেড লাইচেঞ্চ অবিহনে ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলৰ মাজত বিষয়টোক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই নির্দেশ কার্যকৰী কৰাৰ বাবে গুৱাহাটী পৌৰ নিগম, ৰাজহ চক্র বিষয়াকে ধৰি বিভিন্ন বিভাগীয় কর্তৃপক্ষক নির্দেশ জাৰি কৰিছে৷ ট্রেড লাইচেঞ্চ অবিহনে গুৱাহাটীত ব্যৱসায় চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ পাছত এই নির্দেশনা কার্যক্ষেত্রত কিমান প্রযোজ্য হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব৷