অসম আজি গণশিল্পী খগেন মহন্তৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী; ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সুঁৱৰিছে শিল্পীগৰাকীক By নিয়মীয়া বাৰ্তা On Jun 12, 2020 Share নিয়মীয়া বাৰ্তা, ১২ জুনঃ আজি গণশিল্পী প্ৰয়াত খগেন মহন্তৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী । ২০১৪ চনৰ আজিৰ দিনটোতে পৰলোকপ্ৰাপ্তি ঘটিছিল গণশিল্পীগৰাকীৰ । আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগীত প্ৰেমীসকলে শ্ৰদ্ধাৰে সুঁৱৰিছে গণশিল্পীগৰাকীক । ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকী অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে শিল্পীগৰাকীক বিহু সম্ৰাট বুলি কোৱা হয়। Featured Share