মার্কিন সংসদৰ উপদেষ্টা কমিটীক ভিছা নিদিয়ে নতুন দিল্লীয়ে
নিয়মীয়া বাৰ্তা, ১২জুনঃ ভাৰতত ধর্মীয় স্বাধীনতা নাই বুলি মার্কিন কংগ্রেছৰ এক প্রতিবেদনত উল্লেখ কৰাৰ পাছতে নতুন দিল্লী প্রশাসনে দেশখনৰ সংসদৰ এক স্বেচ্ছাসেৱী উপদেষ্টা কমিটীৰ সদস্যসকলক ভিছা প্রদান কৰিবলৈ অস্বীকাৰ কৰিছে৷ বিদেশমন্ত্রী এছ জয়শংকৰে বিজেপি সাংসদ নিশিকান্ত ডুবেলৈ এই সন্দর্ভত ১ জুনতে লিখা এক পত্রত স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে ডুবেই আমেৰিকাৰ সংসদত আন্তর্জাতিক ধর্মীয় স্বাধীনতাৰ বাবে থকা আয়োগৰ প্রতিবেদন সন্দর্ভত বিষোদ্গাৰ প্রকাশ কৰি আহিছিল৷ আয়োগৰ প্রতিবেদনত উল্লেখ কৰা হৈছিল যে ভাৰতত সংখ্যালঘু লোকসকলৰ অধিকাৰ সঘনে খর্ব কৰি অহা হৈছে৷ এই বিষয়টোক লৈ মার্কিন সংসদ উদ্বিগ্ণ বুলিও উল্লেখ কৰা হৈছে৷ শেহতীয়াকৈ আয়োগৰ ফালৰ পৰা ভাৰত ভ্রমণ কৰিব বিচৰা সদস্যৰ দলক ভিছা প্রদান কৰিবলৈ অস্বীকাৰ কৰিছে বিদেশ মন্ত্রণালয়ে৷