নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাপানীক লৈ ভাৰতৰ স্থিতিত ক্ষুব্ধ নেপাল

নিয়মীয়া বাৰ্তা, ১২জুনঃ হিমালয়ান ৰাষ্ট্র নেপালে সীমান্তত ভাৰতীয় বাহিনীৰ সামৰিক কাম–কাজক লৈ ক্ষোভ উজাৰিছে৷ কালাপানীত ভাৰতীয় সেনাৰ উপস্থিতিক লৈ কালি দেশখনৰ প্রধানমন্ত্রী কেপি শর্মা অ’লিয়ে মুকলিভাৱে অসন্তুষ্টি প্রকাশ কৰিছে৷ ইয়াৰ উপৰি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে নেপাল সন্দর্ভত কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ একে সময়তে ভাৰতৰ পৰা ক’ভিড–১৯ আক্রান্ত লোকৰ নেপালত অনুপ্রৱেশ ঘটা বুলি নেতাগৰাকীয়ে কালি অভিযোগ কৰিছে৷ স্মর্তব্য যে লিপুলেক আৰু লিম্পিয়াধুৰাকে ধৰি কালাপানী নিজৰ ভূখণ্ডৰ অধীনস্থ অঞ্চল বুলি দাবী কৰি আহিছে নেপালে৷ শেহতীয়াকৈ নেপালে এক নতুন মানচিত্র মুকলি কৰিছে, য’ত ভাৰতে নিজৰ অঞ্চল সামৰি লোৱা বুলি ক্ষোভ উজাৰিছে৷ এই সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ কালি সংসদত কয় যে ভাৰতীয় সেনাৰ অৱস্থানৰ বাবেই কালাপানী এতিয়াও নেপালৰ অধীনলৈ অহা নাই৷ এইক্ষেত্রত ঐতিহাসিক প্রামাণিক নথিৰ ওপৰত ভিত্তি কৰি কালাপানী নিজৰ অঞ্চল বুলি নেপালৰ প্রধানমন্ত্রীগৰাকীয়্ দাবী কৰিছে৷ অৱশ্যে বিষয়টোক লৈ ভাৰতে তাৎক্ষণিকভাৱে প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like