নিয়মীয়া বাৰ্তা ১৩ জুনঃ বাঘজানৰ তেলখাদৰ জুই নির্বাপণৰ ক্ষেত্রত অইল ইণ্ডিয়া আৰু অ’ এন জি চি কর্তৃপক্ষৰ লগতে ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ সৈতে ৰাজ্য চৰকাৰে প্রতিদিনে আলোচনাত মিলিত হৈছে৷ আজি তিনিচুকীয়াত আয়োজিত এখন সংবাদ মেলত এই কথা জানিবলৈ দি ৰাজ্যৰ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে জুই নির্বাপিত কৰিবলৈ প্রচুৰ পানীৰ প্রয়োজন হ’ব৷ এই পানী ডাঙৰী নৈৰ পৰা পাইপেৰে আনি এটা পুখুৰীত জমা কৰা হ’ব৷ পুখুৰীটোৰ পৰাই তীব্র বেগেৰে খাদত পানী ছটিওৱা হ’ব৷ অইল কর্তৃপক্ষই ইতিমধ্যে প্রাথমিক কামখিনি সম্পূর্ণ কৰা বুলি তেওঁ জনায়৷ ইপিনে, খাদটোৰ কাষৰীয়া অঞ্চলত অনুভূত হোৱা ভূ–কম্পন সন্দর্ভত জি’লজিকেল ছার্ভে অৱ ইণ্ডিয়াৰ সৈতে আলোচনা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ বিশেষজ্ঞৰ উদ্ধৃতি দি মন্ত্রীজনে কয় যে তেলখাদৰ অগ্নি কাণ্ডৰ ফলত ভূ–কম্পনৰ সম্ভাৱনা ক্ষীণ৷ বাঘজান অঞ্চলৰ ক্ষতিগ্রস্ত পৰিয়ালক নিশ্চিত ক্ষতিপূৰণ দিয়া হ’ব বুলি জানিবলৈ দি পাটোৱাৰীয়ে কয় যে পশুপালন বিভাগ, বন বিভাগৰ লগতে সংশ্লিষ্ট বিভাগসমূহে ক্ষয়–ক্ষতিৰ তথ্য শীঘ্রে সংগ্রহ কৰিব৷ সংবাদ মেলত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, তিনিচুকীয়া জিলাৰ বিধায়ক তথা শ্রম আৰু চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা৷ সংবাদ মেলত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে যে বাঘজানৰ ঘটনাটো অত্যন্ত দুখজনক আৰু ইয়াৰ সৈতে মোকামিলা কৰিবলৈ সকলোৱে একত্রিত হৈ কাম কৰিব লাগিব৷ এই ঘটনা সন্দর্ভত ইতিমধ্যে উচিত তদন্ত ঘোষণা কৰা হৈছে বুলি কয়৷