লাডাখত আগ্রাসন ৰঙা চীনক এশিকনি দিবলৈ ভাৰতৰো সমৰসজ্জা
দিল্লীৰ সেউজ সংকেতৰ অপেক্ষাত ভাৰতীয় সেনাঃ নিয়ন্ত্রণ ৰেখাৰ সমান্তৰালকৈ ফাইটিং ফর্মেচন
নিয়মীয়া বাৰ্তা ১৩ জুনঃ এটা মাত্র ছিগনেলৰ অপেক্ষা৷ দিল্লীৰ পৰা এটা ছিগনেল আহিলেই আগ্রাসী চীনক এশিকনি দিবলৈ সাজু ভাৰতীয় সেনাবাহিনী৷ হয়, দিল্লীৰ সেউজ সংকেত পালেই চীনৰ বিৰুদ্ধে এখন পূর্ণাংগ যুদ্ধত অৱতীর্ণ হ’বলৈ সম্পূর্ণ প্রস্তুত হৈ আছে লাডাখস্থিত ভাৰতীয় সেনাবাহিনীৰ তিনিটা সম্পূর্ণ ব্রিগেড৷ শুকুৰাৰে লাডাখত সেনাবাহিনীৰ এক উচ্চস্তৰীয় সূত্রই এই প্রতিবেদকৰ আগত প্রকাশ কৰিছে, কেৱল লাডাখ বুলিয়েই নহয়, উত্তৰৰ পৰা সুদূৰ পূবৰ অৰুণাচল প্রদেশলৈকে নিজ দেশমাতৃক সম্পূর্ণ সুৰক্ষিত কৰি ৰাখিবলৈ আৰু সীমান্তৰ সিপাৰৰ পৰা অহা যিকোনো প্রত্যাহ্বান ওফৰাই প্রত্যাক্রমণ কৰিবলৈ সমৰসজ্জা প্রস্তুত কৰি তুলিছে ভাৰতীয় সেনাবাহিনীয়ে৷ সীমান্তৰ নিয়ন্ত্রণ ৰেখাৰ সমান্তৰালকৈ ভাৰতে মোতায়েন কৰিছে সেনাবাহিনীৰ ‘ফাইটিং ফর্মেচন’৷
আনহাতে, সম্ভাব্য যুদ্ধৰ পৰিস্থিতিত যিকোনো ক্ষণতে ভাৰত–চীন সীমান্তৰ যিকোনো স্থানলৈ প্রেৰণৰ বাবে প্রস্তুত কৰি ৰখা হৈছে ১৭ মাউণ্টেইন ষ্ট্রাইক ক’ৰক৷ সূত্রটোৱে প্রকাশ কৰা মতে, লাডাখত যিকোনো চীনা প্রৰোচনাৰ সমুচিত প্রত্যুত্তৰৰ বাবে নিয়ন্ত্রণ ৰেখাত স্থাপন কৰা হৈছে আমেৰিকান উচ্চ প্রযুক্তিৰ ‘হাউৎজাৰ’ কামান৷
উল্লেখ্য যে হাউৎজাৰ কামানেৰে সমতলৰ পৰা ৫ হাজাৰ ফুট উচ্চতাৰ পর্বতত থকা যিকোনো শত্রুৰ ঘাটি অব্যর্থ লক্ষ্যৰে ধ্বংস কৰিব পাৰে৷ যোৱা এটা পষেকত লাডাখৰ চীন সীমান্তত ভাৰতৰ সামৰিক শক্তি চকুত পৰাকৈ বৃদ্ধি কৰা হৈছে৷ জুনৰ প্রথম সপ্তাহত উচ্চ স্থানত যুদ্ধৰ বাবে অতি উপযোগী ৬০টাকৈ ব’ফর্ছ বৰতোপ লাডাখত স্থাপন কৰা হৈছে৷ তদুপৰি এণ্টি টেংক গাইডেড মিছাইলো লাডাখৰ সেনাবাহিনীৰ হাতত গুঁজি দিয়া হৈছে৷ এই দুই ধ্বংসাত্মক মাৰণাস্ত্রৰে সজ্জিত হৈ শেহতীয়াকৈ সীমান্তত ভাৰতৰ সামৰিক শক্তি বহুলাংশে বৃদ্ধি পাইছে৷ পদাতিক বাহিনীৰ সমান্তৰালকৈ সীমান্তত বৃদ্ধি কৰা হৈছে ভাৰতৰ বায়ুসেনাৰ শক্তিও৷
বুধবাৰে এই প্রতিবেদকে লেহৰ কুশক বাকুলা ৰিনপ’চে বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তো উমান পোৱা গ’ল ভাৰতীয় বিমান বাহিনীৰ শক্তি বৃদ্ধিৰ৷ এই অসামৰিক বিমানবন্দৰ সামৰিক ঘাটি হিচাপেও ব্যৱহাৰ কৰা হয়৷ পূর্বে ইয়াত ভাৰতীয় বায়ুসেনাৰ চাৰি–পাঁচখন যুঁজাৰু বিমান সষ্টম হৈ থকাৰ বিপৰীতে বুধবাৰে দেখা গ’ল, যিকোনো মুহূর্ততে উৰিব পৰাকৈ ১২খনকৈ যুঁজাৰু বিমান সাজু হৈ আছে৷ লেহৰ বিমানবন্দৰত যুঁজাৰু বিমান সষ্টম হৈ থকাৰ সমান্তৰালকৈ ইয়াৰ পৰা প্রায় ৪০ কিলোমিটাৰ নিলগৰ পেংগং হ্রদৰ কাষৰীয়া ফোবৰাং গাঁৱত বায়ুসেনাৰ যুঁজাৰু হেলিকপ্ঢাৰ অৱতৰণ কৰিব পৰাকৈ কেইবাখনো হেলিপেড নির্মাণৰ কাম দ্রুতগতিত চলি আছে৷ লেহৰ স্থানীয় বাসিন্দাই জনোৱা মতে, ৰিনপ’চে বিমানবন্দৰৰ পৰা দিনটোৰ সময়ে সময়ে পৰীক্ষামূলকভাৱে যুঁজাৰু বিমানৰ উৰণ প্রক্রিয়া চলি থাকে৷ ইফালে, শেহতীয়াকৈ অতি সংবেদনশীল হৈ থকা লাডাখ সীমান্তলৈ হিমাচল প্রদেশৰ দায়িত্বত থকা ৰিজার্ভ ব্রিগেডক প্রেৰণ কৰা হৈছে৷ লেহৰ সমীপত থকা খাৰুত মোতায়েন কৰা সেনাবাহিনীৰ তিনিটা ইনফ্রেণ্টী ডিভিজনক সহায় কৰিব এই ব্রিগেডে৷ স্মর্তব্য যে প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সমান্তৰালকৈ হিমাচল প্রদেশ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল প্রদেশত যোৱা এটা মাহৰ ভিতৰত চীনে সেনাৰ বিশাল বাহিনী মোতায়েন কৰিছে৷ চীনা সেনাৰ এই ফৰৱার্ড পজিচনৰ পিছফালে আর্টিলাৰী বাহন, বৰতোপ আৰু গধুৰ অস্ত্র লৈ পিপলছ লিবাৰেচন আর্মীৰ অতিৰিক্ত বাহিনী সষ্টম হৈ আছে৷ এনে উত্তেজনাৰ পৰিপ্রেক্ষিতত যিকোনো সম্ভাব্য পৰিস্থিতি চম্ভলাৰ লক্ষ্য লৈ ভাৰতে ফাইটিং ফৰমেচন প্রস্তুত কৰি তুলিছে৷ উল্লেখনীয় যে হাই এল্টিটিউডত যুদ্ধ কৰাৰ ক্ষেত্রত বিশ্বৰ সকলোতকৈ শক্তিশালী বুলি ভাৰতীয় সেনা বাহিনীৰ সদ্নাম আছে৷ ইয়াৰ বিপৰীতে পর্বতত যুদ্ধ কৰাৰ বিশেষ অভিজ্ঞতা নাই চীনৰ৷ আনকি যোৱা ৫০টা বছৰত চীনে কোনো দেশৰ সৈতে প্রত্যক্ষ বৃহৎ যুদ্ধত লিপ্ত হোৱা নাই৷ সেই হিচাপেও ভাৰততকৈ পূর্ণাংগ যুদ্ধত অৱতীর্ণ হোৱাৰ অভিজ্ঞতা চীনৰ যথেষ্ট কম৷ এনে কাৰকেও চীনৰ বিৰুদ্ধে সম্ভাৱ্য যুদ্ধত ভাৰতক এডভাণ্টেজ দিছে৷
ৰুদ্ধশ্বাস লাডাখত সেনাৰ ব্যাপক চাল–চলন
বিমানৰ পৰা নামি লেহ চহৰত প্রৱেশ কৰাৰ পাছৰে পৰাই অনুভৱ কৰা হৈছিল এক থমথমীয়া গোমা পৰিৱেশ৷ সুউচ্চ পর্বতৰ মাজৰ এই অকণমানি চহৰখন সততে পর্যটকক আকর্ষিত কৰি আহিছে যদিও শেহতীয়াকৈ চীনা প্রত্যাহ্বানৰ বাবে লেহ দেশজুৰি চর্চালৈ আহিছে৷ প্রচণ্ড শীতে সাবটি ধৰি ৰখা চহৰখনত জনসংখ্যা যথেষ্ট কম৷ সন্ধিয়া সাত বজাৰ পাছত চহৰখন কার্যতঃ ঘৰবন্দী হৈ পৰে৷ ৰাস্তা–ফুটপাথ জনশূন্য হৈ যায়৷ কিন্তু শেহতীয়াকৈ চহৰখনৰ বাচি থকা চঞ্চলতাখিনিও যেন আৰু অধিক গোমা হৈ পৰিছে৷ চীন সম্পর্কত কোনো মানুহেই মুখ ফুটাই একো কথাই ক’বলৈ নিবিচাৰে৷ সেয়া লাগিলে বিমানবন্দৰৰ কর্মচাৰীয়েই হওক, ৰেষ্টুৰেণ্টৰ বয়েই হওক নতুবা আমি থকা লজৰ মালিকেই হওক৷ সহজেই চকুত পৰে এক চেপা উত্তেজনাই চহৰখনক ক্রমশঃ গিলি আহিবলৈ ধৰিছে৷ এতিয়া চহৰখনত সততেই চকুত পৰা চঞ্চলতাখিনি হ’ল– সেনাবাহিনীৰ ব্যাপক চলাচল৷ লেহ চহৰৰ মাজেৰে সীমান্তৱর্তী জিংৰাল, ডুর্বক আদি স্থানলৈ সেনাবাহিনীৰ গধুৰ বাহন গৈ থকা প্রায়ে দেখা যায়৷ আনকি কালি আমি জিংৰালস্থিত সেনাবাহিনীৰ ছাউনীত উপস্থিত থকাৰ সময়তো দেখা পাইছিলোঁ শীর্ষ বিষয়া তথা জোৱানৰ যথেষ্ট তৎপৰতা৷ নাম প্রকাশত অনিচ্ছুক স্থানীয় বাসিন্দাই জনোৱা মতে, যোৱা ১৫–২০ দিনত লাডাখত ভাৰতীয় সেনাৰ চাল–চলন, তৎপৰতা বহুগুণেই বৃদ্ধি পাইছে৷
লাডাখত হঠাৎ কিয় চীনৰ আগ্রাসন?
সামৰিক বিশেষজ্ঞসকলে এই সম্পর্কে দুটা তত্ত্ব আগবঢ়াইছে৷ প্রথমটো হৈছে– নৰেন্দ্র মোদী চৰকাৰে ঐতিহাসিক সিদ্ধান্ত লৈ জম্মু–কাশ্মীৰৰ পৰা বিভাজিত কৰি লাডাখক কেন্দ্রীয়শাসিত ৰাজ্যৰ মর্যাদা প্রদান কৰা৷ আৰু দ্বিতীয়টো হৈছে– চীন অধিকৃত আকচাই চীনৰ সমীপৱর্তী এলেকাসমূহত শেহতীয়াকৈ ভাৰতে আন্তঃগাঁথনিমূলক বৃহৎ নির্মাণকার্য চলোৱা৷ আগষ্টত লাডাখক সুকীয়া ৰাজ্যৰ মর্যাদা প্রদান কৰাৰ পাছত অক্টোবৰত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে পূব লাডাখৰ ছ্যোক নদীৰ ওপৰত দেশৰ আটাইতকৈ ওখ স্থানত নির্মাণ কৰা দলং উদ্বোধন কৰাৰ পাছতে ৰঙা চীন সচকিত হৈ পৰে৷ ১৪,৬৫০ ফুট ওখ আৰু ১,৪০০ ফুট দীঘল দলংখনে মূলতঃ আকচাই চীন আৰু গালোৱাল উপত্যকাক সংযোগ কৰিছে৷ ইয়াৰ পাছতে সীমান্তৰ সিপাৰে চীনে ব্যাপক সমৰসজ্জা গঢ়ি তুলি ভাৰতলৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে৷ অৱশ্যে বিশেষজ্ঞসকলৰ মত, চীনৰ এই আগ্রাসনত মুঠেই বিচলিত হোৱা নাই ভাৰতে৷ বৰঞ্চ চীনৰ আগ্রাসনৰ বিপৰীতে যোৱা ছমাহত লাডাখৰ লগতে চীন–ভাৰত সীমান্তৱর্তী বিভিন্ন স্থানত আন্তঃগাঁথনি নির্মাণৰ কাম ভাৰতে ক্ষিপ্রহে কৰি তুলিছে৷ ইয়াৰে এক চকুত লগা উদাহৰণ হ’ল, ব’ডাৰ ৰোড অর্গেনাইজেচনে লেহ আৰু কাৰাকোৰমৰ মাজত নির্মাণ কৰি থকা পথছোৱা৷ ২৫৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথোছোৱাই অতি দুর্গম ডৰবুক–ছ্যোক–ডৌলত্ বেগ অল্ডি ছেক্টৰক চুই গৈছে৷ আনকি বি আৰ অ’ ই লাডাখৰ দুর্গম অঞ্চলত আন্তঃগাঁথনি নির্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবে ঝাৰখণ্ড চৰকাৰৰ সৈতেও এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ এই চুক্তি অনুসাৰে ঝাৰখণ্ড চৰকাৰে ১১,৮০০ শ্রমিকক নিয়োগ কৰিব লাডাখত চলি থকা বি আৰ অ’ৰ কামত৷ আনহাতে, ভাৰত–চীন সীমান্তক স্পর্শ কৰি থকা মুঞ্চিয়াৰী–বুগডিয়াৰ ছেক্টৰতো নির্মাণৰ কাম যোৱা সপ্তাহতে সম্পূর্ণ কৰিছে বি আৰ অ’য়ে৷ ইতিমধ্যে সামৰিক প্রস্তুতি আৰু আন্তঃগাঁথনি নির্মাণত প্রভূত সফলতা লাভ কৰা ভাৰতে ৰঙা চীনৰ ৰঙা চকুত মুঠেই ভীতিগ্রস্ত নহয়৷ বৰঞ্চ বিবদমান সীমান্তত চীনক এশিকনি দিবলৈ বদ্ধপৰিকৰ হৈ আছে ভাৰতীয় সেনা৷
চিডিএছ–তিনিওটা বাহিনীৰ মুৰব্বীৰে প্রতিৰক্ষামন্ত্রীৰ বৈঠক
পূব লাডাখত ভাৰত আৰু চীনা সেনাৰ মাজত উত্তেজনা চলি থকাৰ মাজতে মাত্র এটা সপ্তাহৰ ভিতৰতে দেশৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে আজি দ্বিতীয়বাৰৰ বাবে চীফ অৱ দ্য ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল বিপিন ৰাৱাট আৰু তিনিওটা সশস্ত্র বাহিনীৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয়৷ পূব লাডাখত চীনৰে অব্যাহত থকা উত্তেজনা সন্দর্ভত চি ডি এছ ৰাৱাট আৰু তিনিওটা বাহিনীৰ মুৰব্বীৰ সৈতে পৰিস্থিতিৰ পর্যালোচনা কৰে প্রতিৰক্ষামন্ত্রীগৰা৷ প্রকৃত নিয়ন্ত্রণ ৰেখাত কি ব্যৱস্থা গ্রহণ কৰিলে উত্তেজনাৰ অৱসান ঘটিব, সেই সন্দর্ভত প্রতিৰক্ষামন্ত্রীগৰা শীর্ষ সেনা বিষয়াৰ লগতে চি ডি এছৰ সৈতে আলোচনা কৰা বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷ স্মর্তব্য যে লাডাখত ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল আৰু পিপলছ লিবাৰেচন আর্মীৰ সমপর্যায়ৰ বিষয়াৰ আলোচনাৰ দুদিন পাছতেই অর্থাৎ ৮ জুনত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চি ডি এছ ৰাৱাট আৰু তিনিওটা বাহিনীৰ মুৰব্বীৰে সীমান্তৰ বিষয় লৈ প্রথম আলোচনাত মিলিত হৈছিল৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে সদৰী কৰিছে যে মন্ত্রী ৰাজনাথ সিঙে লাডাখ সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত পর্যালোচনা কৰিছে চি ডি এছ আৰু শীর্ষ সেনা বিষয়াসকলৰ সৈতে৷ অৱশ্যে তাৎক্ষণিকভাৱে এই আলোচনাৰ সবিশেষ তথ্য সদৰী কৰা নাই প্রতিৰক্ষা মন্ত্রালয়ে৷