নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অসম আৰক্ষীৰ বিভাগীয় পদোন্নতিৰ পৰীক্ষাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কালি এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে উত্তীর্ণৰ তালিকাত একাংশ দুর্নীতিগ্রস্ত আৰক্ষী বিষয়াৰ নাম প্রকাশ পোৱাত অসম আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ কালি ঘোষিত ফলাফলত চতুর্থ স্থানত আছে সোণ চুৰিত অভিযুক্ত নিলম্বিত এএছআই শ্রৱণ কুমাৰ ঝাৰ নাম৷
বহু বিতর্কিত আৰু বিভিন্ন দুর্নীতিৰ অভিযোগত অভিযুক্ত শ্রৱণ কুমাৰ ঝাই আৰক্ষীৰ শীর্ষ বিষয়াক মেনেজ কৰি বিভাগীয় পদোন্নতিৰ পৰীক্ষাত চতুর্থ স্থান লাভ কৰা বুলি সর্বত্র চর্চা চলিছে৷ দুর্নীতিগ্রস্ত আৰক্ষী বিষয়া হিচাপে পৰিচিত শ্রৱণ কুমাৰ ঝাই অপৰাধীৰ নামটোকে শুদ্ধকৈ লিখিব নোৱাৰে৷ তেনে এগৰাকী বিষয়াই বিভাগীয় পদোন্নতিৰ পৰীক্ষাত চতুর্থ স্থানত উত্তীর্ণ হোৱাটো সহজভাৱে ল’ব পৰা নাই একাংশ আৰক্ষী বিষয়াই৷
শীর্ষ আৰক্ষী বিষয়া দীপক কুমাৰৰ আত্মীয় হোৱাৰ সুবাদতে এইগৰাকী বিতর্কিত শ্রৱণ কুমাৰ ঝাই চতুর্থ স্থান লাভ কৰা বুলি অসম আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ লক্ষণীয় যে অসম আৰক্ষীৰ বিভাগীয় পদোন্নতিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা ব’ৰ্ডৰ অধ্যক্ষ আই পি এছ বিষয়া দীপক কুমাৰ৷ এই ব’ৰ্ডৰ সদস্য হিচাপে আছিল আৰক্ষী বিষয়া এম আই মণ্ডল, ৰণদীপ বৰুৱা আৰু ৰ’জী কলিতা৷
যোৱা ২২ আৰু ২৩ ফেব্রুৱাৰীত গুৱাহাটীৰ কেইবাটাও কেন্দ্রত অসম আৰক্ষীৰ বিভাগীয় পদোন্নতিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ কালি ঘোষিত ফলাফলত ৫৪৫গৰাকী আৰক্ষী বিষয়া এই পৰীক্ষাত উত্তীর্ণ হৈছে৷ বিভাগীয় পদোন্নতিৰ পৰীক্ষাত উত্তীর্ণৰ তালিকাত বছৰৰ পিছত বছৰ ধৰি গুৱাহাটীৰ থানাসমূহত কর্মৰত বহুকেইগৰাকী আৰক্ষী উপ–পৰিদর্শক আৰু হাবিলদাৰৰ নামো অন্তর্ভুক্ত হৈছে৷
এইসকলৰ ভিতৰত আছে বর্তমান ভৰলুমুখ থানাত কর্মৰত এএছআই ওমপ্রকাশ তিৱাৰী, ফটাশিল আমবাৰী থানাত কর্মৰত এএছআই অৰবিন্দ ঘোষ, চাকৰি জীৱনৰ সৰহ সময় ফটাশিল আমবাৰী থানাত কর্মৰত বহু দুর্নীতিত অভিযুক্ত হাবিলদাৰ মুকেশ শর্মা, বশিষ্ঠ থানাত কর্মৰত আব্দুল মণ্ডল ৰৌফকে ধৰি বহুকেইগৰাকী আৰক্ষী বিষয়া আৰু হাবিলদাৰ৷ অসম আৰক্ষীৰ বিভাগীয় পদোন্নতিৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বিষয়টোক লৈ একাংশ আৰক্ষী বিষয়া আদালতৰ দ্বাৰস্থ হোৱাৰো যো–জা চলোৱা বুলি জানিব পৰা গৈছে৷ বিভাগীয় পদোন্নতিৰ পৰীক্ষাত হোৱা অনিয়মৰ তদন্ত কৰিলে সকলো পোহৰলৈ আহিব৷