ঋতুপৰ্ণৰ চিলাপথাৰস্থিত বাসগৃহত বিধায়ক-ৰণোজ- ভুৱন, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ গুৱাহাটী নুনমাটিৰ ঋতুপৰ্ণ হত্যাক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোঁৱাৰ অব্যাহত থকাৰ সময়তে আজি পুৱা শাসক দলৰ বিধায়ক তথা ধেমাজি সমষ্টিৰ বিধায়ক ডা: ৰণোজ পেগু আৰু জোনাই সমষ্টিৰ মিত্ৰ দল গনশক্তিৰ বিধায়ক ভুৱন পেগুৱে ঋতুপৰ্ণৰ চিলাপথাৰস্থিত বাসগৃহত উপস্থিত হৈ শোকাকূল পৰিয়ালবৰ্গক শান্তনা দিয়াৰ লগতে নিঠৰুৱা পৰিয়ালটোক সংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে।
ইপিনে দিনৰ ১০ বজাত ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ, আৰক্ষী অধীক্ষক ডা: ধনঞ্জয় পি ঘানৱট, অতিৰিক্ত উপায়ুক্ত মহৰ্ষি কাশ্যপ, চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জীতেন টাইদ ঋতুপৰ্ণৰ ঘৰত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা দুই লাখ টকা সাহাৰ্যৰ বিষয়ে অৱগত কৰায়।
সাধাৰণ কথাত চূড়ান্ত অমানৱীয়তাৰে মহানগৰীৰ ব্যস্ত এলেকাত দিন দুপৰতে ডিঙি ৰেপি দানৱৰ জিঘাংসাৰ বলি হোৱা ঋুতুপৰ্ণৰ মৃতদেহ আজি পুৱা স্বগৃহত আহি পোৱাৰ লগে লগে চৌদিশে কান্দোনৰ ৰোল উঠে। বিশেষকৈ অসহায় পত্নী আৰু ন মহীয়া নিস্পাপ সন্তানটিৰ অৱস্থা প্ৰত্যক্ষ কৰি স্বাভাৱিকতেই উপস্থিত সকলোৰে চকু সেমেকি উঠে।