ৰাজ্যত পুনৰ ১০৬ জনৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ৪০৪৯ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ আজি ৰাজ্যত পুনৰ ১০৬ গৰাকী লোকৰ দেহৰ ক’ভিড পজিটিভ পোৱা গৈছে ।
যাৰ পাছতে ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৪০৪৯ জনলৈ বৃদ্ধি পালে । বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ২০৭৮ গৰাকী ।