নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ কৃষিভূমিত নগাৰ নতুন বস্তি স্থাপন

নিয়মীয়া বাৰ্তা ১৫ জুনঃ অসম–নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰ মেৰাপানী মহকুমাৰ দৈয়াং পঞ্চায়তৰ ভেলৌগুৰি অঞ্চলৰ পৰা সীমান্ত গাঁও পঞ্চায়তৰ দীঘলপানী গাঁৱৰ কাষৰীয়া পাহাৰত নগাৰ এটা বৃহৎ দলে হাবি–জংঘল কাটি নতুনকৈ ইলি য়ান নামৰ এটা নতুন বস্তি স্থাপনৰ বাবে কাম আৰম্ভ কৰিছে৷ পাহাৰৰ হাবি–জংঘল কাটি বৃহৎ অঞ্চল মুকলি কৰি এই সন্দেহজনক নগাৰ দলটোৱে সত্তৰ দশকতে বন বিভাগৰ নথিপত্র লৈ ভেলৌগুৰি দীঘলপানীত বসতি স্থাপন কৰা এই গাঁওখনৰ লোকাই স্বগ্য়াৰী আৰু গেথুৱা মেচ নামৰ ব্যক্তি দুজনৰ মাটিৰ জেওৰা ভাঙি এক্সেকেভেটৰে এটা বৃহৎ খাল খান্দি সীমা নির্ধাৰণ কৰে৷ এই কার্যক লৈ অঞ্চলজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছমুহূর্ততে নৱগঠিত ইলি য়ান বস্তিৰ কনভের্নৰ জেনি’ জুংগী আৰু সম্পাদক চিবেম্ব’ ইজুঙৰ স্বাক্ষৰিত এখন পত্রযোগে স্থানীয় লোকসকলক গৰু–ম’হ–ছাগলী পাহাৰৰ নামনিলৈ নোযোৱাকৈ বান্ধি ৰাখিবলৈ নির্দেশ প্রেৰণ কৰে৷ বিগত দশক দশক ধৰি কোনো নগাৰ বসতি নথকা অঞ্চলটোত নতুন বস্তি স্থাপন কৰি অসমৰ ভূমি বেদখলৰ বাবে নগাই কৰা ষড়যন্ত্রত গাঁওবাসী জাঙুৰ খাই ডঠিছে আৰু কোনো কাৰণতে অসমৰ কৃষিভূমি এৰি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷
অসমৰ মেৰাপানী মহকুমাৰ সীমান্ত পঞ্চায়তৰ এমজি এনৰেগা আঁচনিৰ অন্তর্গত খনন কৰা কৃষি–নলা দখল কৰি নগাৰ দলটোৱে স্থানীয় কৃষকসকলক ভয়–ভাবুকি দি কৃষকৰ বিস্তীর্ণ কৃষিভূমি দখলৰ বাবে প্রচেষ্টা কৰাৰ বিপৰীতে দীঘলপানী গাঁওবাসীয়ে এখন সভা অনুষ্ঠিত কৰি বন বিভাগে দহ বিঘাকৈ ভূমি প্রদান কৰা নথি প্রদর্শন কৰি এই ভূমি নগাৰ হাতোৰাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে সোমবাৰে নিজাববীয়াকৈ হাতে হাতে দা–কোৰ লৈ এটা নলা খান্দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ লগতে পুৱাই অসমৰ মাটিত চলোৱা খনন কার্য বন্ধ কৰিবলৈ যাব বুলি সিদ্ধান্ত গ্রহণ কৰিছে৷ কাইলৈ দীঘলপানীবাসীয়ে নগাৰ আগ্রাসনৰ বিৰুদ্ধে নলা খনন কৰিবলৈ গ’লে পৰিস্থিতি ডত্তপ্ত হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে৷ আজি ভেলৌগুৰি ছীড ফার্মৰ নিৰপেক্ষ চি আৰ পি এফ বাহিনী ঘটনাস্থলীত ডপস্থিত হৈ পৰিস্থিতি বুজ লয়৷ দীঘলপানীৰ দুশ পঞ্চলিশটা পৰিয়ালে নগাৰ আগ্রাসনক লৈ ডদ্বিগ্ণ, আতংকিত আৰু ক্ষুব্ধ হৈ থকাৰ বিপৰীতে মেৰাপানী আৰক্ষীয়ে ডক্ত গাঁওখনলৈ যোৱাৰ বিপৰীতেফোনেৰে খবৰ লোৱা বুলিহে জানিবলৈ দি অসমৰ সীমান্ত দণ্ডাধীশ, জিলা প্রশাসনে নগাৰ আগ্রাসনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ নকৰিলে গাঁওবাসীয়ে দশক দশক ধৰি দখলত থকা নিজৰ কৃষিভূমি ডদ্ধাৰ কৰিবলৈ পিছহুঁহকি নাহেবুলি হুংকাৰ দিছে৷ ক’ৰোনা মহামাৰীৰ মাজতে অসমৰ প্রশাসনে সুস্পষ্ট আৰু কঠোৰ ভূমিকা গ্রহণ কৰি অসমৰ এই বৃহৎ ভূমিখণ্ড আৰু দীঘলপানীবাসীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে অসমীয়াভাষী বড়ো–কছাৰী জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু দৈয়াং আঞ্চলিক ছাত্র সন্থাই দাবী উত্থাপন কৰিছে৷

You might also like