সাতপুখুৰী পানীযোগান প্রকল্পৰ কোটিটকীয়া কেলেংকাৰিৰ তদন্ত
পানীকলৰ যন্ত্র পৰিদর্শন মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ গুৱাহাটীৰ সাতপুখুৰী পানীযোগান প্রকল্পটো পৰিদর্শন কৰে মহানগৰ উন্নয়ন প্রাধিকাৰী মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ আজি পুৱা মন্ত্রীগৰাকীয়ে পানীযোগান প্রকল্পটো পৰিদর্শন কৰি শীঘ্রে বিশুদ্ধ খোৱাপানী মহানগৰবাসীক যোগান ধৰাৰ আশ্বাস প্রদান কৰে৷
পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ উপস্থিতিত মন্ত্রীগৰাকীয়ে পানীযোগান প্রকল্পটো মেৰামতিৰ নামত সংঘটিত হোৱা কেইবাকোটি টকাৰ কেলেংকাৰিৰ শীঘ্রে তদন্তৰ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে সাতপুখুৰী পানীযোগান প্রকল্পত সংঘটিত হোৱা কেলেংকাৰি সন্দর্ভত প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াকে ধৰি কেইবাগৰাকীও লোকে পৌৰ আয়ুক্ত আৰু মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক তদন্ত বিচাৰি স্মাৰক–পত্র প্রদান কৰিছিল৷
উক্ত অভিযোগৰ ভিত্তিতে আজি মন্ত্রীগৰাকীয়ে পানীযোগান প্রকল্পটো পৰিদর্শন কৰে৷ লগতে অভিযোগকাৰীসকলৰ সৈতেও এক বৈঠকত মিলিত হৈ শীঘ্রে এই কেলেংকাৰিৰ তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰে৷ লক্ষণীয় যে পানীযোগান প্রকল্পটোৰ মেৰামতিৰ বাবদ ৯.০৭ কোটি টকা আবণ্টন দিয়া হৈছিল৷ পানীযোগান প্রকল্পটোৰ বাবে প্রয়োজনীয় মেচিন ক্রয় কৰিবলৈ কার্যবাহী অভিযন্তা মনোৰঞ্জন ভৰালী, সহকাৰী অভিযন্তা হেমন্ত কলিতা, কিশোৰ দাস মহাৰাষ্ট্রৰ পুনেলৈ গৈছিল৷ নিম্নমানৰ মেচিন ক্রয় কৰাৰ বাবে পানীযোগান প্রকল্পটোৰ এটা মেচিন এতিয়াও বিকল হৈ আছে৷ ফলত প্রয়োজনীয় পানী জি এম চিয়ে মহানগৰবাসীক যোগান ধৰিব পৰা নাই৷