নিয়মীয়া বাৰ্তা, ১৫ জুনঃ ফুটবল বিশ্বক পুনৰুজ্জীৱিত কৰি খেলপথাৰলৈ উভতিল বার্চিলোনাৰ ছুপাৰ ষ্টাৰ লিঅ’নেল মেছি৷ স্পেনিছ লা লিগাত মালোৰকাৰ বিৰুদ্ধে তাৰকাগৰাকী যোৱানিশা সুদীর্ঘ তিনি মাহৰ বিৰতিৰ মূৰত পুনৰ খেলপথাৰত নামে৷
লা লিগাৰ শীর্ষস্থানপ্রাপ্ত দল বার্চিলোনাৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি তেওঁ এটা গ’ল কৰাৰ লগতে আন দুটা গ’লত সতীর্থক সহযোগ আগবঢ়ায়৷ অৱশ্যে মেচখনত লা লিগাৰ চেম্পিয়ন দলটোক প্রতিভাৱান মিড ফিল্ডাৰ আৰটুৰো ভিডালে দুই মিনিটতে সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয়৷ এটা দর্শনীয় হেডেৰে তেওঁ বার্চিলোনাক প্রথমটো অগ্রগতি দিয়ে৷
ইয়াৰ পিছতে ডেনমার্কৰ উদীয়মান তাৰকা মার্টিন ব্রেথৱেটে প্রথমটো অর্ধৰ শেষৰ ফালে দ্বিতীয়টো গ’ল কৰে৷ বার্চিলোনাৰ হৈ মার্টিনৰ এয়া হ’ল কেৰিয়াৰৰ প্রথমটো গ’ল৷ প্রথমটো অর্ধত দুটাকৈ গ’লত আগবাঢ়ি থকা দলটোৱে দ্বিতীয়ার্ধতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘৰুৱা দল মালোৰকাৰ দুর্বল ৰক্ষণ বিভাগৰ পূর্ণ সুযোগ গ্রহণ কৰি বার্চিলোনাই দ্বিতীয়টো অর্ধতো দুটাকৈ গ’ল কৰে৷
৭৯ মিনিটত জর্ডি আলবাই দলটোক তৃতীয়টো অগ্রগতি দিয়ে৷ ইয়াৰ পিছতে ষ্ট’পেজ টাইমত এটা দুর্দান্ত গ’লেৰে উজলি উঠে ফুটবলৰ ৰাজপুত্র লিঅ’নেল মেছি৷ ইয়াৰ পূর্বে তেওঁ ভিডাল আৰু ব্রেথৱেটকো গ’ল কৰাত সহযোগ আগবঢ়াইছিল৷ উল্লেখ্য যে লা লিগাত মেছিৰ এয়া হ’ল ক্রমাগত দ্বাদশবাৰৰ বাবে ২০টা গ’ল৷
ইফালে, এই জয়েৰে শীর্ষস্থানপ্রাপ্ত বার্চিলোনাই ২৮খন খেলৰ পিছত পইণ্টৰ সংখ্যা ৬১লৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ দ্বিতীয় স্থানপ্রাপ্ত ৰিয়েল মাদ্রিদতকৈ দলটো এতিয়া পাঁচ পইণ্টত আগবাঢ়ি আছে৷ লা লিগাত পুনৰ এবাৰ চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ বার্চিলোনাক পুনৰ অতি কমেও ১০খন মেচত জয়ৰ প্রয়োজন হ’ব৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে বিগত প্রায় তিনি মাহ ধৰি বিশ্বৰ আন ক্রীড়া ইভেণ্টৰ লগতে লা লিগা বন্ধ হৈ আছিল৷ কিন্তু দুদিন পূর্বে প্রতিযোগিতাখন পুনৰ আৰম্ভ হৈছে৷